Twitter Chief executive Elon Musk : টুইটাৰৰ মুৰব্বী এল’ন মাস্কৰ বিস্ফোৰক মন্তব্য

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থান পাব লাগে, সামাজিক মাধ্যম এক্স যোগে প্ৰকাশ এই মন্তব্য

elon musk

Twitter Chief executive Elon Musk :

ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ নোহোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টেছলাৰ মুখ্য কাৰ্যবাহী তথা টুইটাৰৰ মুৰব্বী ইলন মাস্কে

ভাৰতৰ দৰে এখন শক্তিশালী দেশ কিয় আজিও নিৰাপত্তা পৰিষদৰ সদস্য পদ লাভ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি কয়, যি কেইখন দেশে এই ক্ষমতা ভোগ কৰি আছে তেওঁলোকে অন্যলৈ এই ক্ষমতা দিব বিচৰা নাই । একেদৰে আফ্ৰিকীয় দেশ দক্ষিণ আফ্ৰিকায়েও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পাব লাগে বুলি দাবী কৰে বিশ্বৰ শীৰ্ষ ধনকুবেৰ গৰাকীয়ে ৷

উল্লেখ্য যে,ইলন মাস্কে ‘এক্স’ত পষ্ট কৰি প্ৰকাশ কৰি কয় যে- ৰাষ্ট্ৰসংঘ সম্প্ৰসাৰণ কৰাৰ সময় আহি পৰিছে ৷ ভাৰত বিশ্বৰ বেছি জনসংখ্যা থকা দেশ ৷ কিন্ত এই দেশ খনে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নোপোৱাক লৈ খেদ প্ৰকাশ কৰে ৷ অথচ এই সুবিধা ভোগ কৰি আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ,চীন, ফ্ৰান্স, ৰাছিয়া আৰু ইংলেণ্ডে ৷

সাম্প্ৰতিক সময়ত বিশ্বৰ পৰিশৰ বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাকালত য’ত সদস্য দেশ আছিল ৫১ খন ৷কিন্ত আজি সদস্য দেশৰ সংখ্যা হ’লগৈ দুই শতাধিকৰো অধিক ৷ তথাপিও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিয় বৃদ্ধি পোৱা নাই বুলি মন্তব্য কৰি মাস্কে কয়, আনকি এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতক স্থায়ী পদ নিদিয়াক ক্ষোভ প্ৰকাশ কৰিছে ৷

ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰাৰ বাবে জাৰ্মানী,ব্ৰাজিল আৰু জাপান সহমত প্ৰকাশ কৰি আহিছে । আনকি আফ্ৰিকীয় সংঘয়ো ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিয়াৰ দাবী উদ্থাপন হৈছে ৷

আমেৰিকাৰ শীৰ্ষ ধণী ব্যক্তি এলন মাস্কে ভাৰতে ৰাষ্ট্ৰসংঘৰ স্থায়ী পদ পাব লাগে বুলি যি ওকালতি কৰি মতপ্ৰকাশ কৰিছে সাম্প্ৰতিক সময়ত ভাৰতৰ বাবে এক ইতিবাচক হিচাপে বিবেচিত হৈছে ৷

Exit mobile version