Bangladeshi Woman Arrived in Morajhar in Search of her Indian Husband:ভাৰতীয় স্বামীক বিচাৰি বাংলাদেশী যুৱতী উপস্থিত হ’ল মোৰাঝাৰত

ছৌদি আৰৱতে বিবাহপাশত আবদ্ধ হােৱা বাংলাদেশৰ ৰীণা আখতাৰৰ নাম অসমৰ ভোটাৰ তালিকাত হাজিৰা বেগম, কোনে জালিয়াতিৰে বনাই দিলে ভোটাৰ আইডি, আধাৰ কাৰ্ড, বেংক একাউণ্ট

bangladeshi women

Bangladeshi Woman Arrived in Morajhar in Search of her Indian Husband:

ভাৰতীয় স্বামীৰ প্ৰতাৰণাৰ বলি হৈ স্বামীক বিচাৰি হোজাই জিলাৰ মোৰাঝাৰৰ বিভিন্ন স্থানত অনাই-বনাই ঘূৰি ফুৰিছে এগৰাকী বাংলাদেশী যুৱতীবাংলাদেশৰ চাদপুৰ জিলাৰ হাইমচৰ থানা অঞ্চলৰ দক্ষিণ আলগি গাঁৱৰ বাসিন্দা মৃত ৰুহুল আমিনৰ কন্যা ৰীণা আখতাৰৰ অভিযোগ অনুসৰি প্রায় চাৰি বছৰ পূর্বে মোৰাঝাৰৰ দুই নম্বৰ শিৱপুৰ গাঁৱৰ আব্দুল বাতেন চৌধুৰী নামৰ এজন যুৱকৰ স’তে সুদূৰ ছৌদি আৰৱত ধর্মীয় নিয়ম অনুসৰি বিয়া ৰীণাৰ হৈছিল।

তেওঁৰ বিয়াৰ পাছত আব্দুল বাতেনে বাংলাদেশী মহিলাগৰাকীক মোৱাঝাৰৰ দুই নম্বৰ শিৱপুৰ গাঁৱলৈ লৈ আনে আৰু তাতে দুবছৰ কাল দুয়ো একেলগে গোপনে থাকে। এই সময়ছোৱাত বাংলাদেশী যুৱতীগৰাকীক হাজিৰা বেগম সজাই স্বামীৰ পৰিয়ালে বাংলাদেশী পূৰ্বৰ নাম সলাই ভাৰতীয় ঠিকনাৰে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাৰ লগতে, ভোটাৰ কাৰ্ড, আধাৰ কার্ড, পেন কার্ড, বেংকৰ পাছবুকো বনোৱা বুলি যুৱতীগৰাকীয়ে সাংবাদিকৰ সন্মুখত তথ্য দাঙি ধৰিছে।

যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, ৬২ নম্বৰ বিন্নাকান্দি সমষ্টিৰ ১৫১ খণ্ডৰ দুই নম্বৰ শিৱপুৰ মোক্তাব বিদ্যালয় ভোট কেন্দ্ৰৰ অধীনত ভোটাৰ আইডি নম্বৰ ডিচিএছ ১৬৯৪৫৩৮ আৰু ক্রমিক নম্বৰ ২৬৯৩ নাম অন্তর্ভুক্ত হৈ আছে। প্রশ্ন হয়, বাংলাদেশী ৰীণা আখতাৰক কোনে বনালে হাজিৰা বেগম।

অভিযোগ অনুসৰি, জালিয়াতিৰে বাংলাদেশী যুৱতীগৰাকীৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি কৰোৱাই নহয় আধাৰকাৰ্ড, পানকাৰ্ড আৰু বেংক একাউন্ট পর্যন্ত বনোৱা হৈছিল।

অভিযোগ মতে, অসমত দুবছৰ কটাই বাংলাদেশী ৰীণা আখতাৰৰ ফটো ব্যৱহাৰ কৰি হাজিৰা বেগমৰ ভুৱা নামত সকলো নথিপত্র প্রস্তুত কৰা হয়। হোজাই বাসিন্দা আহাদ নামৰ এগৰাকী অধিবক্তাই সকলো নথি প্ৰস্তুত কৰি দিয়া বুলি অভিযোগ কৰিছে ৰীণা আখতাৰে।

এই সকলো নথি প্ৰস্তুত কৰি পুনৰ বাংলাদেশ হৈ ছৌদি আৰৱলৈ গুচি যায় যুৱতীগৰাকী। স্বামী আব্দুল বাতেনো অসমৰ পৰা ছৌদিলৈ গুচি যায়। তাত কিছুদিন কটাই পুনৰ দুয়োজন ভাৰতলৈ ঘূৰি আহে। যোৱা ১৯ জানুৱাৰীত বাংলাদেশ হৈ অসমৰ স্বামী গৃহত উপস্থিত হয় বাংলাদেশৰ বীণা আখতাৰ।

স্বামীও ইতিমধ্যে নিজ গৃহত উপস্থিত হয়। স্বামীগৃহত অহাৰ পাছত স্বামী পৰিয়াল আৰু নথি প্ৰস্তুত কৰা অধিবক্তা আহাদে তেওঁলোকৰ চাৰিটাকৈ ম’বাইল ফোন জব্দ কৰাৰ লগতে যুৱতীগৰাকীৰ হাত-ভৰি বান্ধি বেয়াকৈ প্ৰহাৰ কৰাৰো অভিযোগ কৰে যুৱতীগৰাকীয়ে।

আনকি অধিবক্তা আহাদে বাংলাদেশী যুবতীগৰাকীক উলংগ কৰি শাৰীৰিক নির্যাতন কৰাৰো গুৰুতৰ অভিযোগ কৰে যুৱতীগৰাকীয়ে। কেবল সেয়াই নহয়, যুৱতীগৰাকীয়ে স্বামীৰ স’তে ছৌদিত থাকি কাম কৰি পোৱা সমস্ত ধন সম্পদো স্বামী পৰিয়ালে হস্তগত কৰাৰো অভিযোগ কৰিছে।

২২ জানুৱাৰীৰ মাজনিশা মোৰাঝাৰ আৰক্ষীয়ে ঘটনাৰ খবৰ পাই যুৱতীগৰাকীক শিৱপুৰৰ এটা বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আনে। সম্প্রতি আশ্রয়গৃহত ৰখা হৈছে যুৱতীগৰাকীক। ভাৰতৰ ভ্ৰমণ ভিছা লৈ অসমলৈ অহা যুৱতীগৰাকীয়ে অভিযুক্ত স্বামী সহ নির্যাতনকাৰী অধিবক্তা আৰু বাকীসকলৰ বিৰুদ্ধে মোৰাঝাৰ থানাত গোচৰ তৰিছে।

এতিয়া প্রশ্ন হয়, এগৰাকী বাংলাদেশী মহিলা দুবছৰ কাল ধৰি ভাৰতৰ ভূমিত থাকি ভোটাৰ তালিকাত ভুৱা নাম সোমোৱাৰ লগতে বাকী সকলো ধৰণৰ নথি-পত্র কেনেকৈ প্রস্তুত কৰিলে, সেয়া এক ‘ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বাংলাদেশী যুৱতীগৰাকীয়ে নাম লোৱা জাল নথিপত্র প্রস্তুত কৰা আহাদ নামৰ অধিবক্তাগৰাকীক তদন্তৰ আওতাত আনি সমগ্র ৰহস্য উদ্‌ঘাটনৰ বাবে দাবী জনাইছে সচেতন মহলে।

Exit mobile version