Debolal Gorlosa was sworn in CEM of NCHAC:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শপত গ্ৰহণ

পুনৰ তৃতীয়বাৰৰ বাবে চি ইএম হিচাপে শপত ল'লে দেৱলাল গাৰ্লোচাই

golosa

Debolal Gorlosa was sworn in CEM of NCHAC:

পাৰ্বত্য জিলা ডিমা হাচাওৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ চিইএম হিচাপে পুনৰ তৃতীয় বাৰৰ অধিস্থিত হ’ল দেৱলাল গাৰ্লোচা ৷

জিলা খনৰ সদৰ হাফলঙৰ জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত দেহাংগীৰ সমষ্টিৰ পৰা জয়লাভ কৰা দেৱলাল গাৰ্লোচাই চিইএম হিচাপে শপত লয় ৷
শপতবাক্য পাঠ কৰোৱায় জিলা আয়ুক্ত চিমন্ত কে আৰ দাসে৷ আন কে’বা গৰাকী ইএমেও শপত গ্ৰহণ কৰে ৷

উল্লেখ্য যে,এনচিএইছএচিৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এখন বৃহৎ নিৰ্বাচনী সভাতে ডিমা দেৱলাল গাৰ্লোচাক তেওঁৰ জনপ্ৰিয়তা আৰু গতিশীল নেতৃত্বৰ বাবে পৰিষদৰ পৰৱৰ্তী ভাবী চিইএম হিচাপে ঘোষণা কৰিছিল।

স্মতৰ্ৱ্য যে,দেৱলাল গাৰ্লোচাৰ সহধৰ্মিনী নন্দিতা গাৰ্লোচা বৰ্তমান হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ শক্তিমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷

Exit mobile version