Guwahati Ganja Seized: মহানগৰ আৰক্ষীৰ অভিযানত জব্দ ১২ কোটি টকাৰ গাঞ্জা

ganja

Guwahati Ganja Seized: জব্দ:

ড্ৰাগছ সহ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহৰ কৰিডৰত পৰিণত হৈছে গুৱাহাটীৰ ৷ স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি ড্ৰাগছ সৰবৰাহকাৰীয়ে সংগোপনে অব্যাহত ৰাখিছে বৰবিহৰ ৰমৰমীয়া বেহা ৷

কিন্ত শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি বুধবাৰে গুৱাহাটী আৰক্ষীয়ে বিশেষ সুত্ৰৰ পমখেদি অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে১২ কোটি মূল্যৰ নিষিদ্ধ মুহিনী গাঞ্জা

ত্ৰিপুৰাৰৰ পৰা বিহাৰ অভিমুখী ৰাবাৰভৰ্তি ট্ৰাক এখনত মুহিনী গাঞ্জা থকাৰ সম্ভেদ লাভ কৰি অসম আৰক্ষীৰ এছ টিএফৰ দল এটাই নালাপাৰাত ট্ৰাক খন আগভেটি ধৰি তালাচী চলাই উল্লিখিত পৰিমাণৰ মুহিনী গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ গাঞ্জাসহ আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী।

উল্লেখ্য যে,ৰাবাৰৰ বাণ্ডলৰ মাজত লুকাই অনা হৈছিল ৪০,০০০ কেজিৰ মুঠ ১৯০ পেকেট মুহিনী গাঞ্জা। মনকৰিবলগীয়া যে, গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে জব্দ হৈছে ১২ কোটি মূল্যৰ বৃহৎ পৰিমাণৰ মোহিনী গাঞ্জা।

Exit mobile version