Chirang APCC Bhupen Bora Press meet :চিৰাঙৰ ছাপাগুৰীস্থিত হোটেল ছিগনেটত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

অসমত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সফল হৈছে

bhupen bora 2

Chirang APCC Bhupen Bora Press meet :

অসমত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সফল হৈছে। চিৰাঙৰ ছাপাগুৰীস্থিত হোটেল ছিগনেটত এপিচিচিৰ সভাপতি ভূপেন বৰাই আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ।

১৮ জানুৱাৰী পৰা ২৫ জানুৱাৰীলৈ ৰাজ্যৰ সম্পূৰ্ণ ১৫ খন জিলাত ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা এই ন্যায় যাত্ৰা অসমত সাফল্যমণ্ডিত হোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো বুলি উল্লেখ কৰি এপিচিচিৰ সভাপতি গৰাকীয়ে কয়, দেশৰ ইতিহাসত প্ৰথম ৰাষ্ট্ৰীয় নেতা যি আঠদিন অসমত আছিল সেয়া ৰাহুল গান্ধী বুলি কয় সংবাদ মেলত।

অসমৰ ৩৬ টা সংগঠনৰ সৈতে ৰাহুল গান্ধীৰ আলোচনা কৰা হৈছে । কণকলতা আৰু মুকন্দ কাকতিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ । বটদ্ৰৱাত যাব বিচাৰিছিলোঁ পৰিকল্পিত ভাবে অসম পুলিছে বাধাৰোপ কৰে ।

আনহাতে গুৱাহাটীৰ USTM ৰ প্ৰেক্ষাগৃহ বুক কৰিছিলোঁ ১ লাখ টকা যোগে । অসমৰ পৰা হেচাঁ আছে কাৰণে অনুমতি নিদিলে ।খানাপাৰত বেৰিকেট ভাঙিছোঁ । ৩০ টা বেৰিকেট ভাঙিব পাৰিলোঁ হয় । আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছোঁ । দুগৰাকী আৰক্ষ আহত হোৱাত আমি দু:খিত । মোৰ মুখত বিজেপি কৰ্মীয়ে ঘুছিয়াইছে।ডিজিপে মোৰ ফটোখন দিলেও ভাল পালো হয়।

নাগালেণ্ডত অভূতপূৰ্ব সঁহাৰি বাবে অসম বিজেপি শংকিত হৈছে।এই যুঁজ ন্যায়ৰ সপক্ষে যুঁজ । ভাৰতৰ ভিতৰত আটাইতকৈ উদণ্ড মুখ্যমন্ত্ৰী কোন সমগ্ৰ ভাৰতে গম পালে । আহিবলগীয়া দিনত বিজেপিয়ে ভুগিব । অসমৰ ৰাইজ শুই থকা সিংহ।

২০২৪ ত শদিয়াৰ পৰা দুগুণ উৎসাহেৰে প্ৰিয়ংকা গান্ধীৰ লগত লৈ আকৌ যাত্ৰা কৰিম।মোৰ ওপৰত দিয়া গোচত জামিন নলওঁ। আমাৰ যাত্ৰা বিৰোধী পোষ্টাৰ সমুহ আৰক্ষীয়ে নিৰাপত্তা দিছে । মুখ্যমন্ত্ৰীয়ে অযোধ্যালৈ নগৈ কিয় পাপ কৰিলে ।মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ ২০ হাজাৰ কোটি টকা বচাওক ।

ৰাহুল গান্ধীয়ে ঘুৰি ফুৰাৰ দৰে গাড়ী কংগ্ৰেছে মুখ্যমন্ত্ৰীক দিব যাতে অসমৰ ৰাইজৰ টকাৰে হেলিকপ্টাৰত ঘুৰা এৰে মুখ্যমন্ত্ৰীয়ে। অহা বাৰ ৩০০ খন বেৰিকেট ভাঙিম । ৰাহুল গান্ধী ২০২১ চনত কামাখ্যা গৈছিল । মুখ্যমন্ত্ৰীয়ে ৰাম মন্দিৰ কিয় নগল তাক লৈ প্ৰশ্ন ভূপেন বৰাৰ।

Exit mobile version