Eight Crude Oil Thieves Arrestedখাৰুৱা তেল পৰিবাহি পাইপ লাইনত তেল চোৰ কৰিবলৈ গৈ আৰক্ষী জালত আঠ তেল চোৰ

nagaon

Eight Crude Oil Thieves Arrested:

তেল পৰিবাহি পাইপ লাইনত তেল চোৰ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীৰ অভিযানত আটক হ’ল আঠ গভাইত খাৰুৱা তেল চোৰ ৷

নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত নৰ্ত্তম গাঁৱৰ মাজেৰে যোৱা খাৰুৱা তেল পৰিবাহি পাইপ লাইনত তেল চোৰ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে আঠজন তেলচোৰ সহ এখন টেংকাৰ ৷

জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ নেতৃত্বত চলা অভিযানত আটক হোৱা ধৃত তেল চোৰ কেইটা হ’ল উৎপল ফুকন,পদুম সন্দিকৈ, কৌশিক কুন্তল বৰা আৰু প্ৰান্তিক প্ৰতিম পাঠক,মাৰ্ধ্যুয সিনহা,পাপু ছাবুৰ,গোপাল তাঁতী আৰু পংকজ জ্যোতি শৰ্মা ৷

আৰক্ষীয়ে জব্দ কৰা অইল টেংকাৰ খনৰ নম্বৰ এএছ০৪-০৬৩৯,আনহাতে জব্দকৃত আন দুখন বাহন ক্ৰমে এক্স ইউভি আৰু ইনডিগ’নম্বৰ এএছ০৩-ডব্লিঅ ০৩৫০ আৰু এএছ-০৪-কে-০৮২৮ ৷

Exit mobile version