French President Arrives In India As Chief Guest On The Occasion Of The 75th Republic Day:৭৫ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণসূচীৰে জয়পুৰত উপস্থিত ইমানুৱেল মেক্ৰঁন

france president

French President Arrives In India As Chief Guest On The Occasion Of The 75th Republic Day:

ভাৰতৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত এইবাৰ মুখ্য অতিথি হিচাপে অংশ ল’ব ফ্ৰান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰঁনে

এই উপলক্ষে মেক্ৰঁনে বৃহস্পতিবাৰে দুপৰীয়া বিশেষ বিমানযোগে জয়পুৰৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অবতৰণ কৰি তাৰ পৰা পোনে পোনে জয়পুৰৰ ঐতিহাসিক আমেৰ ফ’ৰ্টত উপস্থিত হয়। ১৬শ শতিকাত নিৰ্মাণ কৰা আমেৰ ফ’ৰ্টৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স’তে জয়পুৰৰ ত্ৰিপ’লিয়া গেট পৰিদৰ্শন কৰাৰ কথা।

মোদীৰ স’তে মেক্ৰঁনে এক ৰোড শ্ব’তো অংশ ল’ব আৰু ইয়াৰ পাছত ৰামবাগত উপস্থিত হ’ব। তাতে নৈশ আহাৰ গ্ৰহণৰ পাছত মোদী আৰু মেক্রঁন দিল্লীলৈ আহিব।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ স’তে প্ৰতিনিধিৰ এটা দলো ভাৰতলৈ আহিব। ভাৰতত থকাৰ সময়ত মোদীৰ স’তে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে একাধিক চুক্তিত স্বাক্ষৰ কৰাৰ কথা।’

Exit mobile version