Hrithik Roshan’s ‘Fighter:মুক্তিৰ পূৰ্বে চর্চিত হৃত্বিকৰ ‘ফাইটাৰ’

প্রথমদিনা ৩০ কোটিৰ ব্যৱসায়ৰ সম্ভাৱনা

fighter

Hrithik Roshan’s ‘Fighter:

হৃত্বিক ৰোচন, দীপিকা পাডুকন, অনিল কপুৰ অভিনীত ‘ফাইটাৰ‘ ছবিখনে ২০ জানুৱাৰীত দেশৰ চিত্ৰগহত মুক্তি লাভ কৰিব। মুক্তিৰ পূর্বে এইখন ছবিয়ে বিশেষ চর্চা লাভ কৰিছে।

ADVERTISEMENT

একচন ছবি হিচাপে ‘ফাইটাৰ’ এ বক্স অফিচত বৃহৎ ব্যৱসায় কৰাৰ সম্ভাৱনা প্রকট হৈছে। মুক্তিৰ পূর্বে বুধবাৰলৈকে ‘ফাইটাৰ’ৰ টু-ডিৰ ৬৬,৪৫৯ টিকট অগ্রিম বিক্রী হ’ল।

আনহাতে, থ্রি-ডিৰ ৭,৪৩২ টা টিকট অগ্রিম বিক্রী হ’ল। ‘ফাইটাৰ’ৰ প্রথম দিনৰ বাবে ইতিমধ্যে দেশজুৰি এক লাখ ৬৩ হেজাৰ ৯৩৩টা টিকট বিক্রী হ’ল। ইয়াৰ জৰিয়তে মুক্তিৰ পূর্বে ছবিখনে ৫.১৭ কোটি টকা সংগ্রহ কৰিলে। চলচ্চিত্র বাণিজ্যিক বিশ্লেষকৰ মতে, ‘ফাইটাৰ’-এ মুক্তিৰ দিনা ৩০ কোটি টকাৰ ব্যৱসায় কৰাৰ সম্ভাৱনা আছে।

Exit mobile version