Liquor Stores In Saudi Arabia Soon: ​অচিৰেই চৌদী আৰৱত সুৰাৰ বিপণী !

wine in sudiarabia

Liquor Stores In Saudi Arabia Soon:

কট্টৰ ইছলামিক দেশ চৌদী আৰৱত অচিৰেই মুকলি হ’ব দেশ খনৰ প্ৰথম খন সুৰাৰ বিপণী ৷

দেশখনৰ ৰাজধানী চহৰ ৰিয়াধত বিভিন্ন দেশৰ পৰা অহা কূটনীতিবিদ আৰু বিদেশী পৰ্যটকৰ বাবে প্ৰথমখন সুৰাৰ বিপণী খোলাৰ পদক্ষেপ লৈছে চৰকাৰে ৷

উল্লেখ্য যে,কট্টৰ ইছলামিক দেশ আৰৱত সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰত বাধাৰোপ কৰা আছিল যদিও দেশখনৰ চৰকাৰে শেহতীয়াকৈ এই ক্ষেত্ৰত কিছু নৰম স্থিতি লৈ দেশখনে কেতবোৰ নীতি শিথিল কৰিছে।

দেশখনৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ কিছু সংস্কাৰমূলক নীতিৰ প্ৰতি সহাৰী জনাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৰাজধানী ৰিয়াধৰ মাজমজিয়াতহ এখন সুৰাৰ বিপণী খোলাৰ সিদ্ধান্ত লয় ৷

মনকৰিবলগীয়া যে, সুৰা ক্ৰয়ৰ ক্ষেত্ৰত কেতবোৰ নীতি- নিয়ম বান্ধি দিয়া হৈছে ৷ সেই অনুসৰি কোনো লোকে সুৰা ক্ৰয় কৰিবলৈ হ’লে প্ৰথমে বিশেষ ম’বাইল এপৰ জৰিয়তে পঞ্জীয়ণ কৰিব লাগিব ৷ তাৰ পিছত দেশখনৰ বিদেশ মন্ত্ৰণালয়ৰ পৰা অনুজ্ঞা কোড লাভ কৰিব ৷ তাৰ পাছতহে সুৰা বিপণীৰ পৰা ক্ৰয় কৰিব পাৰিব সুৰা ৷

Exit mobile version