Presidential Medal Announced On The Eve Of Republic Day:
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ৷অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰলৈ বিশিষ্ট সেৱা পদক ৷
ADVERTISEMENT
আনহাতে অসম আৰক্ষীৰ ১৪ গৰাকীলৈ উৎকৃষ্ট সেৱা পদক ৷ উৎকৃষ্ট সেৱা পদক প্ৰাপক সকল হ’ল যান-বাহন শাখাৰ উপায়ুক্ত জয়ন্ত সাৰথি বৰা,ডিএছ পি চিদানন্দ বৰা, ডিএছ পি অসীম কুমাৰ দে’, নায়ক বোলোনদাও ফংলো, হাবিলদাৰ ক্লার্ক পৰীক্ষিত গন্ধিয়া, কনিষ্টবল সঞ্জয় কুমাৰ দাস, নীলকমল শুক্লবৈদ্য,মহিলা কনিষ্টবল জুনুমণি ডেকা বৰা, এ এছ আই ধর্মেন্দ্র শইকীয়া,লেন্সনায়ক চক্ৰধৰ দাস, এ এছ আই প্ৰণৱ বৰা, এএছ আই বিজয়ান্ত দাস, কনিষ্টবল ৰাজেশ কুমাৰ ওজা আৰু নীলিমা দাস ৷