Former AASU President will Join the BJP:দেওবাৰে গেৰুৱা বসন পিন্ধিব আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ ,সদ্য প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাস

যোগদান কৰিব যুৱ কংগ্ৰেছী অংকিতা দত্ত, আপৰ কমল কুমাৰ মেধি,অজাপৰ চিত্ৰ ৰঞ্জন বসুমতাৰী

state bjp pressmeet

Former AASU President will Join the BJP:

কাইলৈ বিজেপিত মহাযোগদান ৷ গেৰুৱা বসন পিন্ধিব প্ৰাক্তন আছুৰ সভাপতি সহ প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভানেত্ৰীয়ে ৷

ADVERTISEMENT

অসম প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভবনত দেওবাৰে বিয়লী ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা এক মহাযোগদান কাৰ্যসূচীত আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ ,সদ্য প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাস, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্ত সহ বহু কেইজন নেতা-কৰ্মী ৷

উল্লেখ্য যে, দেওবাৰে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী বিস্মিতা গগৈ যোগদানৰ কথা আছিল যদিও সদ্যহতে তেওঁ দেওবাৰে যোগদান নকৰে ৷

জানিব পৰা মতে,অহা সপ্তাহতে বিস্মিতা গগৈয়ে গেৰুৱা বসন পৰিধান কৰিব ৷

আনহাতে ৫ ফেব্ৰুৱাৰী বিজেপিত যোগদান কৰিব আপৰ নেতা কমল কুমাৰ মেধিয়ে

Exit mobile version