Pneumonia outbreak in Pakistan’s Punjab Province:
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত মৰ্মান্তিক ঘটনা ৷ নিউমোনিয়াৰ ভয়ংকৰ সংহাৰী ৰূপ ৷ নিউমোনিয়াত আক্ৰান্ত হৈ এটা মাহতে মৃত্যুমুখত পৰিছে দুই শতাধিক শিশু ৷
দেশখনৰ পঞ্জাৱ প্ৰদেশত নিউমোনিয়াত আক্রান্ত হৈ তিনিটা সপ্তাহত মৃত্যু হৈছে ২২০টা শিশুৰ। মৃত আটাইকেইটা শিশুৰ বয়স দুবছৰৰ পৰা ৫ বছৰৰ ভিতৰৰ ।
উল্লেখ্য যে, বিগতবৰ্ষৰ শেষৰ পৰা পহিলা জানুৱাৰীলৈ নিউমোনিয়াত আক্রান্ত হৈছে প্ৰায় দহ সহস্ৰাধিকৰো অধিক শিশু ৷ আনহাতে বিগত বৰ্ষত দেশ খনত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৯৯০টি শিশুৰ ৷
নিউমোনিয়াৰ সংহাৰীৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰণালয়ে বিশেষ পদক্ষেপ লৈ পঞ্জাৱ প্ৰদেশৰ প্ৰান্তে প্ৰান্তে জৰুৰীকালীন স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰতিঘৰ আবাসীৰ ঘৰলৈ স্বাস্থ্যকৰ্মী যোৱাটো বাধ্যতামূলক কৰিছে ৷