CAA: সাত দিনৰ ভিতৰত দেশত বলৱৎ হ’ব ‘কা’

পশ্চিমবংগত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰ

santanu

CAA:

অহা সপ্তাহৰ ভিতৰত দেশত বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’। পশ্চিমবংগ সহ সমগ্ৰ দেশতে বলৱৎ হ’ব কা ‘ । এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ। পশ্চিমবংগৰ ২৪ পৰগণাত অনুষ্ঠিত এখন দলীয় সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ‘কা’ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

মনকৰিবলগীয়া যে,যোৱাবৰ্ষত পশ্চিমবংগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশত শীৰ্ঘেই ‘কা ‘বলবৎ হোৱাৰ কথা সদৰি কৰিছিল ৷

উল্লেখ্য যে,কা’আইন বলবৎ হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব প্ৰদান কৰিব চুবুৰীয়া দেশ বাংলাদেশ,পাকিস্তান আৰু আফগানিস্থানত থকা হিন্দু,শিখ ,বৌদ্ধ,জৈন,খ্ৰীষ্টান আৰু পাৰ্ছী শৰনাৰ্থী সকলক ৷ একেদৰে ২০১৪ ৰ পূৰ্বে সংশ্লিষ্ট দেশ কেইখনৰ পৰা আহি ভাৰতত শৰণাৰ্থী হিচাপে থকা অমুছলমান সকলক দিয়া হ’ব ভাৰতীয় নাগৰিকত্ব ৷

Exit mobile version