Laokhawa Burhachapari Sanctuary:পুনৰ উজ্জীৱিত লাওখোৱা বুঢ়াচাপৰি

lowkhua

Laokhawa Burhachapari Sanctuary:

হেজাৰৰো অধিক ভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী জলচৰ পক্ষীৰে সমৃদ্ধ লাওখোৱা বুঢ়াচাপবি অভয়াৰণ্যত ‘শিমলু উৎসৱ’ৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে বিভিন্ন উদ্ভিদৰ লগতে ইয়াত প্ৰচুৰ পৰিমাণে আছে শিমলু গছ। ফাগুনৰ শিমলু ফুলাৰ বতৰ চমু চাপি অহাৰ লগে লগে লাওখোৱা বুঢ়াচাপৰিৰ ৰূপহী হৈ উঠে।

এই ৰূপ দৰ্শনৰ বাবে দেশী- বিদেশী পর্যটকক আকর্ষণ কৰিবলৈকে আয়োজন কৰা হৈছে এই শিমলু উৎসৱৰ। প্রণিধানযোগ্য যে ১৯৮৩ ত ৰাজ্যত অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত হোৱা আন্দোলনব সময়ত একেটা বছৰতে দুষ্কৃতিকাৰীয়ে ৩০টাতকৈও অধিক এশিঙীয়া গঁড় নিধন কৰাৰ লগতে পৰৱৰ্তী সময়ত ব্যাপক বেদখলৰে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ অৱস্থা শোচনীয় হৈ পৰে।

ইয়াৰ পাছত এই অৰণ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস ২০০৭ৰ পৰা পূৰ্ণগতিত আৰম্ভ হয়। নগাঁও বন্যপ্রাণী সংমণ্ডলত সেই সময়ত যোগদান কৰা দক্ষিণ ভাৰতীয় বন সেৱা বিষয়া মুথুকুমাৰৰ নেতৃত্বত স্থানীয় এলবিচিএছ নামৰ বেচৰকাৰী সংগঠনটোৰ সদস্যসকলে অভয়াৰণ্য দুখন পুনৰুজ্জীৱিত কৰা কাৰ্যত ব্যস্ত হৈ পৰে।

২০০৭ৰ পৰা ২০২৪লৈ বিভিন্ন ঘটনা পৰিঘটনাৰে ইয়াত পুনৰ গড় সংস্থাপনৰ প্রয়াস তথা এই প্রয়াস বিফল হােৱা, ওৰাঙৰ পৰা অহা গঁড় নিধন আৰু বিভাগটোৰ একাংশৰ দ্বাৰা এই ঘটনাক গাপ দি সংবাদ মাধ্যমকে মিছলীয়া বুলি এটা চক্রই চলোৱা উদ্দেশ্য প্রণোদিত ষড়যন্ত্র আৰু পাছত তদন্তকাৰী বন বিষয়াই গড় হত্যাৰ সত্যতা উদ্‌ঘাটন আৰু প্রতিবেদন দাখিল আদিৰ লগতে ইয়াত ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ কেমেৰা ট্রেপিঙত পোহৰলৈ আহে প্রায় পাঁচ বছৰ পূর্বে।

সম্প্রতি ইয়াত ম’হ, হাতী, গঁড়, বাঘকে ধৰি পাঁচবিধ বৃহদাকাৰৰ বন্যজন্ত থকাটো নিশ্চিত হৈছে। ইতিমধ্যে বেদখল উচ্ছেদৰ লগতে ইয়াৰ জলাশয়ত চোবাং মৎস্য চিকাৰ যথেষ্ট হ্রাস পোৱা তথা তদানীন্তন বন বিষয়া পি শিৱকুমাৰৰ দিনত বুঢ়াচাপৰিৰ উন্নয়নো উল্লেখযোগ্য। সম্প্রতি ১০ টাতকৈও অধিক ঢেঁকীয়াপতীয়া বাঘ, তিনিটা গঁড়ৰ স্বতঃস্ফূর্ত আগমন, শেহতীয়া গণনাত ধৰা পৰা ২০ টাতকৈও অধিক দুষ্প্রাপ্য দলহবিণৰ লগতে হাতী আৰু বনৰীয়া ম’হৰ সমাহাৰেৰে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য পুনৰুজ্জীবিত হৈ উঠিছে।

২০১৯-২০ত জলচৰ পক্ষী গণনাত ৭০ হেজাৰৰো অধিক বিভিন্ন প্রজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী জলচৰ পক্ষী ইয়াত থকাটো নিশ্চিত হৈছিল। অসংখ্য ভাটোৰ কাকলিৰে পৰ্যটকক অভিবাদন জনোৱা এই অভয়াৰণ্য দুখনত এইবাব এলবিচিএছ নামৰ স্বেচ্ছাসেৱী প্রকৃতিপ্রেমী সংগঠনটোৱে দুদিনীয়া কাৰ্যসূচীৰে ‘শিমলু উৎসৱ’ উদযাপনৰ আয়োজন কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালিকা সোণালী ঘোষ আৰু নগাঁও বন্যপ্রাণী সংমণ্ডলৰ সংমণ্ডল বিষয়া জয়ন্ত ডেকাৰ বিশেষ তৎপৰতাত ডব্লিউডব্লিউএফ আৰু আৰণ্যকে এই উৎসৱ আয়োজনত সহযোগিতা আগবঢ়াইছে। অভয়াৰণ্য দুখনৰ পৰিস্থিতি তন্ত্ৰৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ উদ্দেশ্যে পৰিভ্ৰমী পক্ষীৰ লগতে ৰঙা শিমলুৰ অনন্য শোভা উপভোগ কৰাৰ কাৰ্যসূচীৰ লগতে পৰিবেশ সম্পৰ্কীয় বিশেষ বক্তৃতা আৰু লোকনৃত্যৰ অনুষ্ঠানৰে ১০ আৰু ১১ ফেব্ৰুৱাৰীত লাওখোৱা বৰুণগুৰিৰ বিছেং না ইক’ ৰিজ’ৰ্টত দুদিনীয়াকৈ আয়োজন কৰা হ’ব এই অনুষ্ঠান। প্রথম দিনটোত চাইকেল চালনাৰে অভয়াৰণ্য ভ্ৰমণৰ বিশেষ কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সদৰী কৰিছে উদ্যোক্তাসকলে।

Exit mobile version