Sonowal-kachari Leader Arrested:বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অপমৃত্যুৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ ছাত্ৰনেতা প্ৰফুল্ল কছাৰীক

পুৱতি নিশা ধেমাজিৰ পৰা গ্ৰেপ্তাৰ প্ৰফুল্ল কছাৰীক, ধৃত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নিলম্বিত নেতা

kachari student union

Sonowal-kachari Leader Arrested:

অৱশেষত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নিলম্বিত নেতা প্ৰফুল্ল কছাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী ৷

ADVERTISEMENT

মহানগৰীত পানীখাইতিত এগৰাকী ছাত্ৰী অপমৃত্যুৰ ঘটনা সন্দৰ্ভত অভিযুক্ত প্ৰফুল্ল কছাৰীক আটক কৰে নুনমাটি আৰক্ষীয়ে

ছাত্ৰীগৰাকীৰ পৰিয়ালে থানাত দিয়া এজাহাৰৰ ওপৰত ভিত্তি কৰিয়ে আৰক্ষীয়ে আটক কৰে প্ৰফুল্ল কছাৰীক।

উল্লেখ্য যে, নুনমাটি আৰক্ষীৰ এটা দল ছাত্ৰী গৰাকীৰ ধেমাজিৰ বাসগৃহলৈ গৈ সোধাপোছা কৰিছিল দুৰ্ভগীয়া পৰিয়ালটিক।

স্মতৰ্ৱ্য যে , মহানগৰীৰ পাশ্বৱৰ্তী পানীখাইতিৰ এটা পেয়িং গেষ্টত থাকি পানীখাইতিস্থ অসম ডাউন – টাউন বিশ্ববিদ্যালয়ৰ ৰেডিঅ’লজি বিভাগত অধ্যয়ন কৰি আছিল ধেমাজিৰ ছাত্ৰী গৰাকীয়ে ৷ কিন্ত ২৩ জানুৱাৰীত আত্মহনণ কৰে ৷

তাৰ পাছতে পৰিয়ালৰ লোকৰ ম’বাইল ফোনলৈ আহিছিল কেতবোৰ ফটো। উক্ত ফটস কেইখনত যুৱতীগৰাকীৰ সৈতে ঘনিষ্ঠ ৰূপত দেখা গৈছিল সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নিলম্বিত নেতা প্ৰফুল্ল কছাৰীক।

প্ৰফুল্ল কছাৰীয়ে অন্তৰংগ মুহূৰ্তৰ ফটোবোৰ সামাজিক মাধ্যমক ভাইৰেল কৰাৰ অভিযোগ উদ্থাপন কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ। দুৰ্ভগীয়া পৰিয়ালটোৰ অভিযোগৰ ভিত্তিতে অৱশেষত ধুৰন্ধৰ ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে নুনুমাটি আৰক্ষীয়ে ৷

Exit mobile version