APCC President Bhupen Bora:ৰাহুল গান্ধীৰ ভাৰত জোড়া ন্যায় যাত্ৰাৰ পিছতে অথন্তৰ

৩১ জানুৱাৰীত গ্ৰেপ্তাৰ হ'ব নেকি ভূপেন বৰা ! যোৰহাট আৰক্ষীৰ চমনৰ পাছতে পুৱাই যোৰহাটলৈ ৰাওনা, আগতীয়া জামিন নলও:ভূপেন বৰা

bhupen bora 4

APCC President Bhupen Bora:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বহুচৰ্চিত ভাৰত জোড়া ন্যায় যাত্ৰাৰ সমদল যোৰহাট চহৰত প্ৰশাসনৰ অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰাৰ পাছতে যোৰহাট আৰক্ষীয়ে এপিচিচিৰ সভাপতি ভূপেন বৰা কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী সহ কে’বাজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছে ৷ আঠটা ধাৰা সনিবিষ্ট কৰা হৈছে ৷ ইয়াৰে কে’বাটাও ধাৰা জামিন বিহীন

উল্লেখ্য যে, যোৰহাট আৰক্ষীয়ে চমন জাৰি কৰে ভূপেন কুমাৰ বৰালৈ। বুধবাৰে যোৰহাট আৰক্ষী থানাত হাজিৰ হ’ব লাগিব ভূপেন বৰা । ইতিমধ্যে এপিচিচিৰ সভাপতি গৰাকী মহানগৰীৰ ভেটাপাৰা বাসগৃহৰ পৰা যোৰহাট অভিমুখে ৰাওনা হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে থানাত হাজিৰ হ’ব পাৰে কংগ্ৰেছ নেতা গৰাকী ৷

উল্লেখ্য যে,ভূপেন বৰাই ইতিমধ্যেই সংবাদ মাধ্যমত সদৰি কৰিছিল যে,তেওঁ কোনো ক্ষেত্ৰতে অগ্ৰিম জামিন নলয় ৷

ভূপেন বৰাৰ বিৰুদ্ধে ৮ টাকৈ ধাৰাত গোচৰ ৰুজু হৈ আছে। IPC 120(B), 115(II), 143,147, 188, 283, 323, 353 আৰু পিডিপিপি আইনত গোচৰ ৰুজু। ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগ এপিচিচি সভাপতিগৰাকীৰ বিৰুদ্ধে।

মনকৰিবলগীয়া যে,কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’ৰ সময়ত যোৰহাটত ভুল দিশেৰে গতি কৰিছিল কংগ্ৰেছ। যাৰ ফলত যোৰহাটত সৃষ্টি হৈছিল ব্যাপক যানজঁট সহ এক অনাকাংক্ষিত পৰিস্থিতিৰ।

যোৰহাটৰ খবৰ অনুসৰি আৰক্ষীয়ে কংগ্ৰেছ নেতা গৰাকীলৈ দিয়া চমনত কেতবোৰ নিৰ্দেশনা দিয়া হৈছে যে,তেওঁ ৰজু হোৱা আন সকলক ভাবুকি দিব নোৱাৰিব ,ভৱিষ্যত এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিব, গোচৰ সন্দৰ্ভত আৰক্ষীক সহযোগ কৰিব ৷

স্মতৰ্ৱ্য যে,আৰক্ষীয়ে ৰজু কৰা গোচৰ আঠটা গোচৰৰ কে’বাটাও জামিন বিহীন হোৱা আৰু তেওঁ অগ্ৰিম জামিন নলও বুলি মন্তব্য প্ৰকাশ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৷

এনেক্ষেত্ৰত ৬০ দিনৰ বাবে ৰঙা ঘৰৰ আলহী হ’ব পাৰে কংগ্রেছ সভাপতি ভূপেন বৰা। আনহাতে, অনুৰূপ চমন দিয়া হৈছে এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক ৷ ৫ ফেব্ৰুৱাৰীত যোৰহাট থানাত হাজিৰ হ’বলৈ কোৱা হৈছে ৷

Exit mobile version