Guwahati’s traffic was closed for two minutes in tribute to the father of Nation:গুৱাহাটীত অভিনৱ পন্থাৰে জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলী

জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলীত ২ মিনিটৰ বাবে বন্ধ মহানগৰীৰ যাতায়ত, খানাপাৰাৰ ষ্টাফ কলেজৰ পৰা জনতা ভৱনলৈ পথত দুইমিনিটৰ বাবে ৰ'লে যানবাহন, মুখ্যমন্ত্ৰীৰ কনভয়ো ৰ'লে ৰাজপথত

hbs 2

Guwahati’s traffic was closed for two minutes in tribute to the father of Nation:

আজি জাতিৰ পিতাৰ স্মৃতি দিৱস ৷ সমগ্ৰ দেশজুৰি দুইমিনিটৰ বাবে ৰাজপথত যানবাহনৰ চলাচল বন্ধ হৈ পৰিল ৷ অনুৰূপ ধৰণে গুৱাহাটী মহানগৰীটো অভিনৱ পন্থাৰে জাতিৰ পিতাক জনোৱা হয় শ্ৰদ্ধাঞ্জলী

মঙলবাৰে বাপুজীক শ্ৰদ্ধাঞ্জলীত দুই মিনিটৰ বাবে বন্ধ হয় মহানগৰীৰ সদাব্যস্ত ৰাজপথত যাতায়ত ৷ ট্ৰেফিক আৰক্ষীয়ে হঠাতে গুৱাহাটীত ১১ বজাৰ পৰা ১২-০২ লৈ বন্ধ কৰিলে যানবাহনৰ চলাচল ৷

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পৰা জনতা ভৱনৰ মাজৰ পথছোৱাত দুই মিনিটৰ বাবে বন্ধ হয় যাতায়ত ৷

আনকি খোদ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ কনভয় ৰাজপথত ৰৈ যায় দুই মিনিটৰ বাবে ৷

Exit mobile version