Imran Khan: সাধাৰণ নিৰ্বাচনৰ দহ দিনে পূৰ্বে পাকিস্তানত অঘটন !

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১০ বছৰৰ কাৰাদণ্ড

pakisthan

Imran Khan:

চুবুৰীয়া পাকিস্তানত ৰাজনীতিত অঘটন ৷ পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১০ বছৰৰ কাৰাদণ্ডৰ ।দেশ খনৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ ১০ দিন থকা পূৰ্বে ইমৰাণ খানক ছাইফাৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰেপাকিস্তানৰ এখন আদালতে। একেদৰে একেই গোচৰত প্ৰাক্তন বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীকো সংশ্লিষ্ট আদালতে প্ৰদান কৰে ১০ বছৰৰ কাৰাদণ্ড

আনহাতে এই গোচৰৰ প্ৰাথমিক অভিযোগৰ সন্মুখীন হৈছিল দুয়োজন নেতা যোৱাবৰ্ষৰ অক্টোবৰত ৷ কিন্ত পৰৱৰ্তী সময়ত দোষমুক্ত হৈছিল দুয়ো ৷

উল্লেখ্য যে ,বিগতবৰ্ষৰ অক্টোবৰত দুয়োজন নেতাৰ বিৰুদ্ধে ৰজু কৰা হৈছিল ছাইফাৰ গোচৰ ৷ মনকৰিবলগীয়া যে,এই গোচৰটো কূটনৈতিক নথিৰ স’তে জড়িত থকা এটা গোচৰ।

সম্প্ৰতি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বী দুয়ো কাৰাগাৰত আছে ।

আনহাতে ,অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাকিস্তানৰ নিৰ্বাচন ৷ এনে প্ৰেক্ষাপটত দুয়োজন নেতাক নিৰ্বাচনৰ ১০ দিনে পূৰ্বে আদালতৰ দ্বাৰা দহবছৰ কাৰাদণ্ড বিহাৰ পাছতে দেশ খনৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইমৰান খানৰ দল ‘তেহৰীক ই ইনচাফ’ৰ শীৰ্ষ নেতা এজনে এই সন্দৰ্ভত ইছলামাবাদত প্ৰকাশ কৰে যে ,দলটোৰ মুৰব্বী জনৰ বিৰুদ্ধে যি ৰায় প্ৰদান কৰা কৰিছে ৷ সেইয়া হৈছে নিম্ন আদালতৰ ৷ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত কৰা হ’ব আপিল ৷

Exit mobile version