Japan’s Upside Down SLIM Moon lander Waker Up On Lunar Surface And Snape New Photos: চন্দ্রপৃষ্ঠত ওলোটাকৈ পৰি আছে জাপানৰ চন্দ্ৰযান ‘লুনাৰ এক্সকাৰছন ভেহিকল’

japan 1 1

Japan’s Upside Down SLIM Moon lander Waker Up On Lunar Surface And Snape New Photos:

মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি চন্দ্ৰৰ মাটিত ওলোটাকৈ পৰি আছে জাপানৰ চন্দ্রযান ‘লুনাৰ এক্সকাৰছন ভেহিকল’ (এলইভি-১)।

যোৱা ১৯ জানুৱাৰীত জাপান এৰোম্পেচ এক্সপ্লবেছন এজেন্সীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ ‘শ্লিম’ (স্মার্ট লেণ্ডাৰ ফৰ ইনভেস্টিগেটিং মুন) স্পেচক্রাফ্টে চন্দ্ৰৰ মাটিত সফলভাবে অৱতৰণ কৰিছে।

ভাৰত, চীন, আমেৰিকা আৰু ৰাছিয়া (তৎকালীন ছোভিয়েট ইউনিয়ন)ৰ পাছত পঞ্চম দেশ হিচাপে জাপানে চন্দ্রত ভৰি দিলে। স্বাভাৱিকভাৱেই সমগ্র জাপান আনন্দত ভাহি পৰিছিল। চন্দ্রযানৰ অৱতৰণৰ পাছতে মিছন কন্ট্রোল কমলৈ খবৰ আহে যে সকলো ঠিকে আছে; কিন্তু বিজ্ঞানীসকলে লক্ষ্য কৰিলে যে কোনো এক অজ্ঞাত কাৰণত চন্দ্রযানৰ গাত থকা সৌৰ পেনেলবোৰে কাম কৰা নাই।

স্বাভাৱিকতে তেওঁলোক চিন্তিত হৈ পৰে বিজ্ঞানীসকলে বুজিব পাৰে যে সৌৰ পেনেলে কাম নকৰাৰ অৰ্থ হৈছে কিছু ক্ষণৰ ভিতৰতে ‘শ্লিম’ব চার্জ সমাপ্ত হ’ব। বিকল হৈ পৰিব যানখন।

পৰিস্থিতি চম্ভালিবলৈ অভিযানৰ স’তে যুক্ত হৈ থকা অভিযন্তাসকলে লেণ্ডাৰখনক শোৱাই দিয়ে; অর্থাৎ শ্লিপ মুডত পঠাই দিয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে বিপৰ্যয়ৰ কাৰণ বিচাৰিবলৈকো আৰম্ভ কৰে। সম্প্রতি সেই ৰহস্যৰে সমাধান হৈছে। ভাৰতীয় মহাকাশ যানৰ চন্দ্ৰ অভিযানত দেখা গৈছিল যে লেণ্ডাৰ বিক্ৰমৰ পেটৰ পৰা ওলাই আহিছিল ৰোভাৰ প্রজ্ঞান।

অৱশ্যে জাপানৰ চন্দ্ৰযানৰ ক্ষেত্ৰত সৌভাগ্যক্রমে আগৰে পৰাই ‘শ্লিম’ৰ স’তে যুক্ত দুটা সৰু সৰু ৰোভাৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল। এই দুটা হৈছে লুনাৰ এক্সকাৰছন ভেহিকল-১ (এলইভি-১) আৰু ছোৰা- কিউ (এলইভি-২)। ৰোভাৰ ছোৰা-কিউ এটা বেছবলৰ সমান জোখৰ।

ইয়াৰ গাত কেমেৰা সংলগ্ন আছে। সেই কেমেৰাৰ সাহায্যতে ৰোভাৰটোৱে ‘শ্লিম’ আৰু অৱতৰণস্থলীৰ ফটো সংগ্রহ কৰি-এলইভি-১ৰ জৰিয়তে মিছন কন্ট্রোল কমলৈ প্রেৰণ কৰে। সেই ফটো পৰীক্ষা কৰিয়ে দেখা গ’ল যে ‘শ্লিম’ স্পেচক্রাফ্ট চন্দ্রপৃষ্ঠত ওলোটাকৈ পৰি আছে। সৌৰ পেনেলবোৰ পশ্চিম দিশলৈ এনেদবে হাউলি আছে যে চার্জ হোৱাৰ কোনো উপায় নাই।

জাপানৰ বিজ্ঞানীসকলে ‘শ্লিম’ক নিদ্রাত প্ৰেৰণ পৰাই বুজা গৈছে যে এক এঢলীয়া স্থানত ‘শ্লিম’ থিয় কৰাৰ পূৰ্বে চন্দ্ৰপৃষ্ঠৰ বহু ফটো সংগ্ৰহ কৰিছিল। তাৰ চৌপাশে অনেক পাথৰ। চন্দ্ৰৰ নিৰক্ষীয় অঞ্চল শিওলি গহ্বৰত অৱতৰণ কৰিছিল ‘শ্লিম’ স্পেচক্রাফটে।

বিজ্ঞানীসকলে আশা কৰিছে যেআকাশত সূৰ্য্যৰ অৱস্থানৰ পৰিবৰ্তন হ’লে তথা চন্দ্ৰত দিন আৰম্ভ হ’লে (পৃথিবীৰ হিচাপত ১৪ দিন) পর্যাপ্ত পৰিমাণৰ সূৰ্য্যৰ পোহৰ পাব এই পেনেলবোৰে ৷ তেতিয়াই ‘শ্লিম’ চাৰ্জ হ’ব ৷ এই অভিযান হয়তো ব্যর্থ নহ’ব বুলিয়ে বিজ্ঞানীসকলে আশা কৰিছে।

Exit mobile version