Parliament Budget Session Begins,President Murmu’s Address Table In Joint Session: নতুন সংসদ ভৱনত দুয়োটা সদনৰ যৌথ বৈঠকত ভাষণ প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

murmu

Parliament Budget Session Begins,President Murmu’s Address Table In Joint Session:

বুধবাৰে নতুন দিল্লীৰ নতুন সংসদ ভৱনত দুয়োটা সদনৰ যৌথ বৈঠকত ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

বিগত ১০ বছৰত নৰেন্দ্ৰ-মোডী চৰকাৰে লাভ কৰা সাফল্যৰ ওপৰত আলোকপাত কৰি অৰ্থনীতিৰ বিভিন্ন দিশৰ ওপৰত ভাষণ দিয়ে।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ,অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ শতিকাজুৰি থকা চৰ্চা কাৰ্যত এতিয়া বাস্তৱত পৰিণত হৈছে আৰু লগতে কয় যে ৩৭০ অনুচ্ছেদ বাতিলৰ আশংকা এতিয়া অতীত৷

ইফালে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ কথা।এয়া হ’ব বিজেপি নেতৃত্বাধীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ চূড়ান্ত বাৰ্ষিক বিত্তীয় বিৱৰণী। যোৱা সপ্তাহত বাজেটৰ পূৰ্বে পৰম্পৰাগত ‘হালৱা’ অনুষ্ঠান অনুষ্ঠিত হৈছিল, য’ত বাজেট প্ৰস্তুতিৰ সৈতে জড়িত বিষয়াসকলৰ বাবে ‘লক-ইন’ৰ সময়সীমা আৰম্ভ কৰা হৈছিল যাতে বাজেটখন লোকসভাত দাখিল নোহোৱালৈকে গোপনীয়তা বজাই ৰাখিব পাৰি।

যোৱা মাহৰ সংসদৰ শীতকালীন অধিৱেশনত শাস্তি লাভ কৰা ১৩২ গৰাকী সাংসদৰ ভিতৰত ১৪ গৰাকী বিৰোধী সাংসদৰ নিলম্বন মঙলবাৰে লোকসভা আৰু ৰাজ্যসভাই উঠাই লয়। এই সিদ্ধান্তৰ ফলত তেওঁলোকে নতুন সংসদ ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুয়োখন সদনত উদ্বোধনী ভাষণ আৰু বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিবেশনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়।

চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত চৰকাৰে সাধাৰণ নিৰ্বাচনৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবে এইবাৰৰ বাজেট ‘অন্তৱৰ্তীকালীন’ । জুলাই মাহত নতুন চৰকাৰে দাখিল কৰিব সম্পূৰ্ণ বাজেট। ভাৰতত বিত্তীয় বৰ্ষ ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈ পিছৰ বছৰৰ ৩১ মাৰ্চত শেষ হয়।

Exit mobile version