Police Encounter In Hujai: পুনৰ এনকাউণ্টাৰ !

হোজাইত আৰক্ষীৰ গুলীত গুলীবিদ্ধ কুখ্যাত চিলনী চোৰ নাগলৰ নানী

encounter

Police Encounter In Hujai:

কুখ্যাত চিলনী চোৰৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষী ৷ চহৰৰ ভিন্নস্থানত ইটোৰ পাছত সিটোকৈ নানান অপৰাধমূলক কাৰ্যৰে একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰা কুখ্যাত ইৰাণী গ্ৰুপৰ সদস্যৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি হোজাই আৰক্ষীয়ে গুলীত ধৰাশায়ী হয় নাগলৰ নানী নামৰ চিলনী চোৰটো ৷

আৰক্ষী গুলী লাগে অপৰাধীটোৰ সোঁভৰিত ৷ গুৰুত্বৰভাৱে আহত কুখ্যাত অপৰাধীটোক ইতিমধ্যে আৰক্ষীয়ে ভৰ্তি কৰে হোজাই জিলা অসামৰিক চিকিৎসালয়ত ৷

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাইকেল ৰাইডু নামৰ আন এটা চিলনী চোৰক ৷ গপী নামৰ আন এটা গভাইত চোৰ সম্প্ৰতি পলাতক অৱস্থাত আছে ৷

স্মতৰ্ৱ্য যে ,হোজাইত বিগত এসপ্তাহ দিন ধৰি নানান চুৰি কাৰ্য সংঘটিত কৰি আছিল গভাইত চোৰৰ দলটো ৷ প্ৰাপ্ত খবৰ অনুসৰি এই দলটো নদিন পূৰ্বে উৰিষ্যাৰ পৰা অসমত প্ৰৱেশ কৰিছিল ৷

Exit mobile version