Suicide Incident In Dotoma:দোতমাত চিপ লৈ আত্মহত্যা নাউয়াৰভিটা গাওঁৰ এজন যুৱকৰ

suicide

Suicide Incident In Dotoma:

কোকৰাঝাৰ জিলাৰ দোতমা থানাৰ অন্তৰ্গত নাউয়াৰভিটা গাওঁৰ জিয়াৰুল হকে দোতমা ইউ এন ব্ৰহ্ম কলেজৰ সন্মুখৰ পকী পথৰ জিৰণি চৰাত চিপ লৈ আত্মহত্যা কৰে। যুৱকজনৰ আত্মহত্যাই দোতমা অঞ্চলত এক চাঞ্চল্যকৰ সৃষ্টি কৰে।

জিয়াৰুল হকে যোৱা অক্টোবৰত তেতেলীগুৰীৰ হবিবৰ ৰহমানৰ ছোৱালী হুমাইৰা পাৰবিনৰ লগত বিবাহ পাশত আৱদ্ধ হয়। বিয়া হোৱাৰ পিছৰে পৰাই জিয়াৰুলৰ সংসাৰ ভালদৰে চলি আছিল। কিন্তু যোৱাকালি বোৱাৰী গৰাকীয়ে কলেজত পৰীক্ষাৰ ছলনাৰে ঘৰৰ পৰা ওলাই যায় আৰু এতিয়ালৈ বোৱাৰী গৰাকীৰ কোনো খবৰ নাই।

যোৱাকালি বোৱাৰীগৰাকীক বিচাৰি জিয়াৰুলে অত তত ঘুৰি ফুৰি হাবাথুৰি খাই ৰাতি ঘৰত আহে আৰু তাৰ লগত বোৱাৰী গৰাকীৰ পৰিয়ালৰ ফোনত কথা কটাকটি আৰু ভয়েছ মেছেছ ইত্যাদি হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

ইপিনে হঠাৎ ৰাতিপুৱাই যুৱকজনক চিপ লোৱা অৱস্থাত পথাচাৰিয়ে প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু এক শোকাৱহ পৰিবেশৰ সৃষ্টি হয়।

ইপিনে এইটো আত্মহত্যা নহয়, হত্যা কৰোৱা হৈছে আৰু যুৱকজনৰ হত্যাৰ বাবে বোৱাৰী গৰাকীৰ লগতে তাইৰ পৰিয়াল সম্পূৰ্ণ দায়ী বুলি যুৱকজনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে।

অসম চৰকাৰৰ লগতে কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্তক ইয়াৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহি দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় ৰাইজে।

Exit mobile version