Assam Has the Highest Number of Students Dropping Out of School in Class X in the Country:অসমত দশম শ্রেণীত দেশৰ ভিতৰত সর্বাধিক শিক্ষাৰ্থীৰ বিদ্যালয় ত্যাগ !

একাধিক ৰাজ্যৰ উত্তৰণৰ বিপৰীতে অসমত শোচনীয় অৱস্থাই অব্যাহত

ten class student

Assam Has the Highest Number of Students Dropping Out of School in Class X in the Country:

ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ নামত শিক্ষা বিভাগে সঘনে সংস্কাৰমুখী’ পদক্ষেপ গ্রহণ কৰি আহিছে। এইবোৰৰ অন্তঃসাৰশূন্যতা প্রমাণ কৰি অসমত দশম শ্রেণীত বিদ্যালয় এৰা ‘ড্রপ আউট ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমগ্র দেশৰ ভিতৰতে সর্বাধিক হৈছে।

কেৱল এয়াই নহয়, শিক্ষাৰ মান উন্নয়নৰে দেশৰ অন্যান্য ৰাজ্যবোৰে নিজক উন্নত পর্যায়লৈ নিবলৈ সক্ষম হোৱাৰ বিপৰীতে অসমৰ স্থান আটাইতকৈ তলৰ তিনিখন ৰাজ্যৰ ভিতৰতে সদায় আছে।

অথচ শিক্ষা ব্যৱস্থাৰ নেতিবাচক এই দিশটোত অসমৰ লগত থকা চুবুৰীয়া ৰাজ্যয়ো নিজক উন্নত পর্যায়লৈ নিবলৈ সক্ষম হৈছে।

তেনে ৰাজ্য এতিয়া শীৰ্ষৰ তালিকাত নাই। অৰুণাচল প্রদেশ ইয়াৰ ভিতৰত অন্যতম। তদুপৰি গুৰুত্বপূৰ্ণ দিশটো হ’ল যে অসমৰ এই উচ্চ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ যথেষ্ট বেছি।

ইউনিফাইড ডিস্ট্রিক ইনফৰমেছন ছিষ্টেম ফৰ এডুকেছন প্লাছ (ইউডিআইএছই প্লাছ)ৰ শেহতীয়া প্রতিবেদনত অসমৰ শিক্ষাখণ্ডৰ এই দুৰৱস্থাৰ ছবিখন পোহৰলৈ আহিছে। চাৰিটা শিক্ষাবৰ্ষৰ তুলনাৰে দেখুওৱা হৈছে দুৰৱস্থাৰ ছবিখনক। তাৰ লগতে তুলনা কৰা হৈছে ৰাষ্ট্ৰীয় হাৰক।

প্রতিবেদন অনুসৰি, ২০১৮-১৯ ত শৈক্ষিক জীৱনৰ অন্যতম গুৰুত্বপূর্ণ দশম শ্রেণীত শিক্ষা ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় হাৰ আছিল ২৮.৪ শতাংশ। উক্ত বৰ্ষত অসমৰ হাৰ আছিল ৪৪ শতাংশ। সেই বছব এই পৰিমাণৰ হাৰেৰে অসমৰ স্থান দেশৰ ভিতৰত তৃতীয় আছিল। প্রথম আছিল বিহাৰ ৫৩.৭ শতাংশ আৰু দ্বিতীয় আছিল অৰুণাচল প্রদেশ ৫১ শতাংশ।

২০১৯-২০৩ ৰাষ্ট্ৰীয় হাৰৰ পৰিমাণ আছিল ২৬ শতাংশ। সেইবছৰ অসমৰ নাম তালিকাৰ প্ৰথম স্থানত আছিল। দ্বিতীয় স্থানত আছিল বিহাৰ ৪১.৯২ শতাংশ আৰু তৃতীয় স্থানত আছিল অৰুণাচল প্রদেশ ৩৮.৫৩ শতাংশ।

২০২০-২১ ত দশম শ্রেণীত শিক্ষানুষ্ঠান, ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় হাৰ আছিল ২৫.৪ শতাংশ। উক্ত বৰ্ষত অসমৰ স্থান হয় দেশৰ ভিতৰতে প্রথম।

প্রতিবেদন অনুসৰি, অসমৰ শিক্ষানুষ্ঠানৰ ৪৭ শতাংশ ছাত্র-ছাত্রীয়ে দশম শ্রেণীতে শিক্ষা জীৱনৰ সামৰণি মাৰি বিদ্যালয় ত্যাগ কৰে। অসমৰ পাছতে দ্বিতীয় স্থানত থাকে বিহাৰ (৪১.৬ শতাংশ) আৰু তৃতীয় স্থানত থাকে উৰিষ্যা ৩৯.৪ শতাংশ।

২০২১-২২ত ৰাষ্ট্ৰীয় হাৰৰ পৰিমাণ আছিল ২০.৬ শতাংশ। সেই বছৰ তৃতীয় স্থানত থকা অসমৰ হাৰ আছিল ২৮.৩ শতাংশ। তথাপিও বাষ্ট্রীয় হাৰতকৈ বহু বেছি। উক্ত বৰ্ষত প্রথম স্থানত থকা উৰিষ্যাৰ হাৰৰ পৰিমাণ আছিল ৪৯.৯ শতাংশ আৰু দ্বিতীয় স্থানত থকা বিহাৰৰ হাৰ আছিল ৪২.১ শতাংশ।

অসমৰ ধাৰাবাহিক এনে বিফলতা অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে। দশম শ্রেণীতে শিক্ষা জীৱন ত্যাগ কৰা ছাত্র- ছাত্রীৰ সংখ্যা বৃদ্ধিৰ উপৰি পৰীক্ষাত বৃহৎ সংখ্যক ছাত্র-ছাত্রী উত্তীর্ণ নোহোৱাকৈ থাকে। অর্থাৎ অনুত্তীর্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও যথেষ্ট বেছি। উদাহৰণ স্বৰূপে ২০১৯ ত ১,২২,৭২২ গৰাকী, ২০২০ ত ১,২০,৪৪০ আৰু ২০২২ ত ১,৬৮,০৬৩ গৰাকী পৰীক্ষার্থী মেট্রিকত উত্তীর্ণ নহ’ল।

Exit mobile version