Donald Trump has been Nominated for the Nobel Peace Prize for the Fourth Time:চতুৰ্থবাৰলৈ ন’বেল বঁটাৰ বাবে মনোনীত ড’নাল্ড ট্রাম্প !

donald trump

Donald Trump has been Nominated for the Nobel Peace Prize for the Fourth Time:

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰা হ’ল। ৰিপাব্লিকান পাৰ্টিৰ সাংসদ ক্ল’ডিয়া টেনীয়ে মধ্যপ্রাচ্যত শান্তি স্থাপনৰ বাবে তৈয়াৰ কৰা আব্রাহম চুক্তিৰ কাৰণে ট্রাম্পক শান্তিৰ ন’বেলৰ মনোনীত কৰিলে।

উল্লেখ্য যে চতুৰ্থবাৰৰ বাবে শান্তিৰ ন’বেলৰ মনোনয়ন লাভ কৰিলে ট্রাম্পে। টেনীয়ে এই কথা সদৰী কৰা অনুসৰি, ট্রাম্পৰ পদক্ষেপৰ ফলত মধ্যপ্রাচ্যত ৩০ বছৰৰ পাছত শান্তি স্থাপনৰ চুক্তি স্বাক্ষৰিত হৈছিল।

কে’বাদশক ধৰি বৈদেশিক বিশেষজ্ঞ, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু কূটনৈতিক বিশেষজ্ঞই দাবী কৰি আহিছিল যে ইজৰাইল- পেলেষ্টাইন সমস্যাৰ সমাধান অবিহনে মধ্যপ্রাচ্যত শান্তি স্থাপন সম্ভৱ নহয়, কিন্তু বাস্তৱত ট্রাম্পে মধ্যপ্রাচ্যত শান্তি স্থাপন কৰি প্ৰমাণ দাঙি ধৰিছিল।

এই কাৰণত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে শান্তিৰ ন’বেল লাভ কৰা উচিত বুলি ৰিপাব্লিকান সাংসদজনে যুক্তি প্রদর্শন কৰে। ২০২০ ত যেতিয়া হোৱাইট হাউছত আব্রাহম চুক্তিত স্বাক্ষৰ কৰা হৈছিল সেই সময়ত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্রপতি ট্রাম্পৰ লগতে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহু, বাহৰেইন আৰু সংযুক্ত আৰব আমিৰাটৰ বৈদেশিক মন্ত্রী উপস্থিত আছিল।

Exit mobile version