Yoga Workshop At Morigaon District Jail:মৰিগাঁও জিলা কাৰাগাৰত যোগ কৰ্মশালা

yoga

Yoga Workshop At Morigaon District Jail:

অসম চৰকাৰৰ আয়ুস মিছনৰ অধীনত বিভিন্ন কাৰাগাৰ সমূহত স্থাপিত হোৱা যোগ আৰু ৱেলনেচ চেন্টাৰসমূহৰ সমান্তৰলাকৈ মৰিগাঁও জিলা কাৰাগাৰত চলি থকা এই কেন্দ্ৰত আজি আৰোগ্য কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত আৰু মৰিগাঁও জিলা কাৰাগাৰৰ সহযোগত এক বিশেষ যোগ সচেতন কৰ্মশালা অনুষ্ঠিত হয়।

অৰ্ধশতাধিক কাৰাগাৰৰ কাৰাবাসীয়ে প্ৰশিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰা আজিৰ শিৱিৰত কাৰাগাৰৰ অধীক্ষক ৰঞ্জন চৌধুৰী, কাৰাধ্যক্ষ প্ৰশান্ত শইকীয়া, যোগ প্ৰশিক্ষক তৃষাল দে, সুনন্দ নাথ, প্ৰশিক্ষিকা প্ৰতিভা কুৰীয়ে অংশগ্ৰহণ কৰা এই শিৱিৰত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া তথা যোগ প্ৰচাৰক আৰু যোগ সাধনা বঁটা বিজয়ী ধনঞ্জয় তালুকদাৰে যোগৰ প্ৰয়োজনীয়তা এক সুস্থ মন আৰু মানসিক স্থিৰতা – সন্তোলন বজাই ৰাখি নিজকে নিৰুগী আৰু স্বস্থ্যবান কৰি ৰাখিব পাৰি সেই বিষয়ত বক্তব্য প্ৰদান কৰে লগতে কয় যে যোগ হৈছে সুস্থ শৰীৰ আৰু বিজ্ঞানৰ সংযোগী কলা , যোগ এক সম্পূৰ্ণ আধ্যাত্মিক বিজ্ঞান ৷

যোগে মন আৰু শৰীৰৰ মাজত শক্তি উৎপন্ন কৰে ৷ যোগৰ জৰিয়তে আৱেগক বশিভূত কৰি ভৱিষ্যত দিনত এক সুন্দৰ জীৱন যাপন কৰিবলৈ আহ্বান জনায় । কাৰাবাসীসকলৰ হৈ আঠগৰাকীয়ে এক সুন্দৰ দলীয় যোগ আৰু যোগ নৃত্যৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।

আৰোগ্য কেয়াৰ ফাউণ্ডেচনৰ জৰিয়তে নিয়মীয়াকৈ অনুষ্ঠিত হোৱা যোগাভ্যাসে কাৰাবাসীসকলক এক সুস্থ আৰু সুন্দৰ ভৱিষ্যতৰ বাবে আগবঢ়াই নিব বুলি কাৰাগাৰৰ অধীক্ষক আৰু কাৰাধ্যক্ষ গৰাকীয়ে মতপোষণ কৰে।

Exit mobile version