Boko Pressmeet:
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদত একমাত্ৰ গাৰো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি অহা কাৰ্যবাহী সদস্য হোৱা সূত্ৰে কোনোবা চক্ৰৰ টাৰ্গেট হৈ পৰিছে নেকি কাৰ্যবাহী সদস্য ফ্ৰালিন আৰ. মাৰাক। কাৰ্যবাহী সদস্য মাৰাকক ৰাজনৈতিক ও সামাজিকভাৱে মৰ্যদা হানি কৰি জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেলা চলিছে নেকি।
পত্নীৰ ব্যৱসায়ীক ক্ষেত্ৰতো শেনচকু পেলোৱা চক্ৰটোৱে বন্ধ কৰিব খুজিছে নেকি পত্নীৰ হোটেলৰ ব্যৱসায়। এই সমূহ প্ৰশ্নক ৰাজহুৱা কৰিবলৈকে আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকে কামৰূপ জিলাৰ বকোৰ চুকুনীয়াপাৰাত আয়োজন কৰে এটি সংবাদমেলৰ ৷
সংবাদমেলৰ জড়িয়তে কাৰ্যবাহী সদস্য গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে, ২০২৩ৰ পৰা টংলাৰ বাসিন্দা সঞ্জীত বড়ো আৰু পত্নী বকো ৰাজাপাৰাৰ বনিতা ৰাভাক সন্মুখত ৰাখি একাংশ ৰাজনৈতিক ব্যক্তি আৰু একাংশ ব্যৱসায়ীয়ে মোক ৰাজনৈতিক ভাবে দুৰ্বল কৰিবলৈ মিছা অভিযোগ দাঙি ধৰিছে।
আনকি পত্নীৰ নামত বকোৰ ধূপগুৰিত ভাড়াত লৈ চলাই থকা ‘আশ্বিক লোকেল ধাবা'(A,Chik Local Hotel)নামৰ হোটেলখন ধ্বংশ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। গাৰো সম্প্ৰদায়ৰ লোকে হোটেল খোলা বুলি বন্ধ কৰি দিবলৈ উঠি পৰি লাগিছে।
একেদৰে ২০২৩ৰ চেপ্তেম্বৰ মাহত বনিতা ৰাভাই ফ্ৰাইলিন আৰ.মাৰাক নামত ভূৱা ফেচবুক একাউণ্ট খুলি ডাইভোৰ্চ বুলি প্ৰচাৰ চলাই অহাৰ অভিযোগ উৎথাপন কৰে। ২০২৩ৰ অক্টোবৰৰ ১০তাৰিখে সঞ্জীৱ বড়োয়ে ১০জন মান ব্যক্তিক লৈ হোটেলত খাই লৈ উৎপাত চলাই।
হোটেলখনত নাৰী ব্যৱসায় চলোৱাৰ অভিযোগ তুলি আৰু নাৰীৰ লগত কেলেংকাৰী থকাৰ লগতে ভাল মানুহ নহয় বুলি বনিতা ৰাভাই ২০২৩ৰ ৩নৱেম্বৰত হোটেলখনৰ গৰাকী ডা: প্ৰদীপ ভাস্কৰ বড়োক ফোনযোগে হোটেলখন চলাব দিব নালাগে বুলি আহ্বান জনাইছিল।
২০২৩ৰ ৭নৱেম্বৰত ফ্ৰাইলিন আৰ.মাৰাক নাৰী কেলেংকাৰী বুলি ফেচবুকত কমেন্ট কৰিছিল , ১৬নৱেম্বৰত সঞ্জীত বড়োই নিশা হোটেলখন বন্ধ কৰি নিশা ওভতি অহা সময়ত কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ.মাৰাকসহ পত্নীক গাড়ীৰে পিছা কৰিছিল।
আনকি সাম্প্ৰতিক সময়ত স্বামী পত্নীয়ে কাৰ্যবাহী সদস্যগৰাকীক বিভিন্ন ধৰণে মিছা অপযশ দাঙি ব্লেক মেইলিঙ কৰি অহা বুলিও সংবাদমেলত উল্লেখ কৰিছে। কাৰ্যবাহী সদস্য গৰাকীয়ে কালি মুঠ ২০টা পইণ্টৰে চিজিএম কোৰ্টত সঞ্জীত বড়ো আৰু বনিতা ৰাভাৰ বিৰুদ্ধে কেচ দাখিল কৰা লগতে ৫ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ কথাও ব্যক্ত কৰে।
এই ক্ষেত্ৰত মহামান্য কোৰ্টৰ পৰা ন্যায় পোৱাৰ আশা ব্যক্ত কৰিছে সাংবাদিক সকলৰ সন্মুখত। কাৰ্যবাহী সদস্য গৰাকীয়ে প্ৰমাণসহ অভিযোগ সমূহ দাখিল কৰিছে লগতে সাংবাদিক সকলকো প্ৰমাণসহ তথ্য দাঙি ধৰিছে।
এক কথাত কাৰ্যবাহী সদস্য গৰাকীক জনমানসত ৰাজনৈতিক ভেটি বিনষ্ট কৰাৰ এক কুটিল পাকচক্ৰ সোমাই থকা বুলি জনায়। টংলাৰ বাসিন্দা সঞ্জীত বড়ো বৰ্তমান ৰাজাপাৰাত Kevin Manday ধাবাৰ কৰ্মচাৰী।