Security Forces Seized a Large Number of Illegal weapons in Manipur:
অশান্তি জৰ্জড়িত চুবুৰীয়া ৰাজ্য মণিপুৰত বিগত বহুমাহ ধৰি অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱাত শেহতীয়াকৈ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে অভিযান ৷
মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া দলে বৃহস্পতিবাৰে নিশা চুৰাচান্দপুৰ আৰু কাংপকপি জিলাৰ কেতবোৰ স্থানত অবৈধ মাৰাণাস্ত্ৰ মজুত থকাৰ সম্ভেদ লাভ কৰি অৰ্তকিতে অভিয চলাই জব্দ কৰে চলাই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ।
আনহাতে, নিৰাপত্তা বাহিনীয়ে ৰাজ্য খনৰ কাংপকপি জিলাৰ পাৰ্বাত্যাঞ্চলত অৰ্তকিতে অভিযান চলাই দুটা ১২ব’ৰ বেৰেল ৰাইফল আৰু ৭.৬২এমএ ম পিষ্টলৰ ১০ ৰাউণ্ড সজীৱ গুলি, মেগজিনসহ এটা ৭.৬২এম এম এ কে ৫৬ ৰাইফল জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই সংক্ৰান্তত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ৷
ইতিমধ্যে অস্ত্ৰ মজুতকাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে ৷
