Bangladesh Files Chargesheet Against 13 People including Nobel Laureate Mahmad Yunus:ন’বেলজয়ী ইউনুছসহ ১৩ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল বাংলাদেশত

yunus

Bangladesh Files Chargesheet Against 13 People including Nobel Laureate Mahmad Yunus:

বাংলাদেশৰ দুর্নীতি বিৰোধী আয়োগ (এচিচি)- এ গ্রামীণ টেলিকমৰ অধ্যক্ষ তথা ন’বেলজয়ী ড:মহম্মদ ইউনুছ সহ ১৩ জন ব্যক্তিৰ বিৰুদ্ধে সংস্থাৰ কৰ্মীৰ বাবে আবণ্টিত ২৫ কোটি টকা আত্মসাতৰ গোচৰত অভিযোগনামা দাখিল কৰিলে।

ঢাকা মেট্র’পলিটান আদালতত কালি এই অভিযোগনামা দাখিল কৰিলে এচিচিয়ে। প্রসংগত উল্লেখ্য যে যোৱা বছৰৰ ৩০ মে’ত এই বিষয়ৰ এই গোচৰ ৰুজু হৈছিল। উত্থাপিত অভিযোগ অনুসৰি ২০২২ৰ মে’ত ড: ইউনুছৰ সভাপতিত্বত অনুষ্ঠিত গ্রামীণ টেলিকম ব’ৰ্ডৰ বৈঠকত ঢাকা বেংক লিমিটেডৰ গুলচান শাখাত এটা বেংক একাউন্ট খোলাৰ সিদ্ধান্ত গৃহীত হৈছিল।

এই একাউন্টলৈ ২৬ কোটি টকাৰো ধন স্থানান্তৰিত কৰা হৈছিল আৰু উক্ত ধন কোম্পানীৰ লাভ্যাংশৰ পৰা শ্ৰমিকৰ বাবে আৱণ্টনৰ উদ্দেশ্যৰে জমা কৰা হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত এই ধন ড: ইউনুছসহ ১৩ জন ব্যক্তিৰ বিৰুদ্ধে আত্মসাতৰ অভিযোগ উঠিছিল। এই গোচৰতে এচিচিয়ে তদন্ত চলাই অভিযোগনামা দাখিল কৰিলে।

Exit mobile version