State of Implementation of Central Projects in Assam:অসমত কেন্দ্রীয় প্রকল্প ৰূপায়ণৰ শোচনীয় ৰূপ

বিলম্বৰ বাবে প্রকল্প ব্যয় বৃদ্ধি ৭৯০০ কোটি, ২৮টাৰে সম্পূৰ্ণ কৰাৰ সময়সীমা ১০২ মাহ পর্যন্ত বৃদ্ধি, ডেৰশ কোটিৰ ওপৰৰ ৫৯টা প্ৰকল্পৰ কামৰ চূড়ান্ত লেহেমীয়া গতি

aiims

State of Implementation of Central Projects in Assam:

আন্তঃগাঁথনি উন্নয়নৰ বাবে অসমত বিভিন্ন কেন্দ্রীয় আঁচনি ৰূপায়ণ হৈ আছে; কিন্তু ৰূপায়ণ প্রক্রিয়া অতি লেহেমীয়া গতিত আগবঢ়াৰ এক ফলস্বৰূপে ইয়াৰ সুফল ৰাজ্যবাসীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এনে লেহেমীয়া গতিৰ ফলত প্রকল্প ৰূপায়ণৰ সময়সীমা বাৰে বাৰে বৃদ্ধি কৰিবলগীয়া হৈছে। তাৰ লগে লগে বৃদ্ধি হৈছে নির্মাণ ব্যয়ো। এই ব্যয় বৃদ্ধিৰ ফলতো কামৰ গতি অধিক লেহেমীয়া হৈছে। কাৰণ অতিৰিক্ত পুঁজি আৱণ্টন হোৱালৈ যথেষ্ট সময়ৰ প্রয়োজন হয়।

আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে বহু প্রকল্প সম্পূৰ্ণ কৰা অথবা অর্ধসমাপ্ত অবস্থাতে এইবোৰ উদ্বোধনৰ পৰিকল্পনা কৰিছিল চৰকাৰে। সেয়া বাস্তব হোৱাৰ বিপৰীতে লেহেমীয়া গতিৰ বাবে অতিৰিক্ত ব্যয়হে বৃদ্ধি হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ-নিৰীক্ষণ মন্ত্রণালয়ে যোৱা ডিচেম্বৰলৈ ন্যূনতম ডেৰশ কোটি আৰু এই পৰিমাণৰ ওপৰৰ ব্যয়ৰ যিবোৰ প্ৰকল্প অসমত নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক দিন ৰূপায়ণ কৰি থকা হৈছে সেইবোৰৰ এখন তালিকা

যুগুত কৰিছে। সেই তালিকা অনুসৰি অসমত অতিৰিক্ত সময়ত ৰূপায়ণ কার্য চলি থকা ন্যূনতম ডেৰশ কোটিৰ প্ৰকল্পৰ সংখ্যা ৫৯ টা। ইয়াৰে ২৮ টা প্রকল্প সম্পূৰ্ণ কৰাৰ সময়সীমা ন্যূনতম দুমাহৰ পৰা ১০২ মাহলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বহু হেজাৰ কোটি টকা অতিৰিক্ত ব্যয় পুঁজি ধার্য কৰিবলগীয়া হৈছে। এই প্রকল্পবোৰৰ মুঠ ব্যয়ৰ প্ৰাৰম্ভিক পৰিমাণ আছিল ৫৯,৯৯৩.৬৮ কোটি টকা। অতিৰিক্ত সময়ৰ প্ৰয়োজন হোৱাত অতিৰিক্তভাবে প্রয়োজন হোৱা পুঁজিৰ পৰিমাণ হ’ল ৭,৮৬৬ কোটি টকা।

এই অতিৰিক্ত পৰিমাণ যোগ হোৱাত প্রকল্প ব্যয়ৰ মুঠ পৰিমাণ বৃদ্ধি হৈছে ৬৭,৮৫৯.৩৫ কোটি টকালৈ। তৎসত্ত্বেও অতি গুৰুত্বপূর্ণ প্রকল্পবোৰ ৰূপায়ণৰ গতিক লৈ সন্তুষ্ট নহয় কেন্দ্ৰীয় চৰকাৰ। এই অসন্তুষ্টিৰ বিষয়ে অসম চৰকাৰক কেন্দ্ৰই অৱগতও কৰিছে।

দিছপুৰৰ সূত্ৰই এইদৰেও কয় যে কেন্দ্ৰীয় চৰকাৰে এনে অভিযোগো পাইছে যে প্রাথমিক প্রয়োজনীয়তাখিনি পূৰণ নকৰাকৈও অসমত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। যাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

ইয়াৰ উদাহৰণ চাংসাৰিত স্থাপন কৰা অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) খন। এই প্রতিষ্ঠানখনত শিক্ষা বৰ্ষ আৰম্ভ কৰা হৈছে ঠিকেই; কিন্তু ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ নামত চৰম যন্ত্রণাহে ভুগিছে। তেওঁলোকে ‘থিয়ৰী ‘ শিকিব লাগে এইমছত আৰু ব্যৱহাৰিক শিক্ষা গ্রহণ কৰিব লাগে দূৰৰ অন্য কোনো প্রতিষ্ঠানত।

পৰীক্ষাৰ সময়ত ছাত্র-ছাত্রীসকলে অধিক যন্ত্রণা ভুগিব লাগে। কেন্দ্রীয় চৰকাৰৰ তথ্য অনুসৰি এইমছৰ কাম বিগত ২০২১ৰ মে’ত শেষ হ’ব লাগিছিল। তাৰ পাছত সময়সীমা ২০২৩ৰ ডিচেম্বৰলৈ বৃদ্ধি কৰা হয়। তৎসত্ত্বেও আজিলৈকে আধা অংশ কামেই সম্পূর্ণ হোৱা নাই।

কাম সম্পূর্ণ নোহোৱাত কিদৰে সময়সীমা বৃদ্ধি কৰিবলগীয়া হৈছে তাৰ আন এটা উদাহৰণ হ’ল গুৱাহাটী শোধনাগাৰৰ শোধন ক্ষমতা বছৰি এক নিযুত মেট্রিক টনৰ পৰা ১.২ নিযুত মেট্রিক টনলৈ বৃদ্ধি কৰা। প্রথমতে এই কাম ২০২২ৰ ফেব্ৰুৱাৰীৰ ভিতৰত শেষ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত সময়সীমা বিগত বৰ্ষৰ অক্টোবৰলৈ বৃদ্ধি কৰা হয়। তৎসত্ত্বেও কাম সম্পূর্ণ নহ’ল।

আন এটা পৰিচিত উদাহৰণ হ’ল বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানকোঠৰ নতুন টার্মিনেল নির্মাণ। বিগত ২০২১ৰ মাৰ্চৰ ভিতৰত এই টার্মিনেলৰ নিৰ্মাণ শেষ কৰাৰ লক্ষ্য প্রথমতে গ্রহণ কৰা হৈছিল। এই সময়সীমা এতিয়া ২০২৫ মার্চলৈ বৃদ্ধি কৰা হৈছে।

ইয়াৰ উপৰি বহুকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ ‘সময়সীমা মাহৰ পাছত মাহ পিছুৱাই দিবলগীয়া হৈছে। দিছপুৰৰ সূত্ৰটোৱে সদৰী কৰে যে দুই-এটা কামত কেন্দ্রীয় চৰকাৰ দায়ী। তাৰ বিপৰীতে বেছিভাগ প্ৰকল্পৰ লেহেমীয়া গতিৰ বাবে অসম চৰকাৰ দায়বদ্ধ। কাৰণ অসম চৰকাৰে যি সহযোগিতা প্রকল্প ৰূপায়ণত আগবঢ়াব লাগে, সেয়া পর্যাপ্ত নহয়।

Exit mobile version