Assam Assembly’s Budget Session Starts on Stormy Note:আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে মাত্ৰ ডেৰ মিনিটতে ভাষণ সামৰিলে ৰাজ্যপালে, বিৰোধীয়ে বয়কট কৰিলে ৰাজ্যপালৰ ভাষণ, মঙলবাৰে পুৱা ৯:৩০লৈ স্থগিত সদন

ala

Assam Assembly’s Budget Session Starts on Stormy Note:

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ প্ৰথমবাৰৰ বাবে নতুন বিধানসভা ভৱনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া উপস্থিত হয় ৷

বিধানসভাত ৰাজ্যপাল গৰাকীয়ে ভাষণ দিবলৈ আৰম্ভ কৰোতেই বিৰোধীয়ে সৃষ্টি কৰিলে হুলস্থূলীয়া পৰিস্থিতিৰ ৷ যাৰবাবে এক মিনিটতে ভাষণ সামৰিবলগীয়া হ’ল ৰাজ্যপালে ৷

কংগ্ৰেছ সহ বিৰোধী দল সমূহে বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বয়কট কৰিলে ৰাজ্যপালৰ ভাষণ । প্লে-কাৰ্ড প্ৰদৰ্শন কৰি ৰাজ্যপালৰ ভাষণ বিৰোধিতা কৰে বিৰোধী দল সমূহে ৷

উল্লেখ্য যে,১৪ দিনীয়া অধিৱেশত উত্থাপন হোৱাৰ সম্ভাৱনা আছে ১২খনকৈ বিধেয়ক। আজিয়ে বিধানসভাত উদ্থাপন কৰা হয় অসম পৰীক্ষা বিধেয়ক ৷ উল্লেখ্য যে ,উদ্থাপিত বিধেয়ক খনত উল্লেখ কৰা বিধি অনুসৰি প্রশ্নকাকত ফাদিলত জড়িত হ’লে ১০ বছৰ জে’ল নকল কৰিলে ৩ বছৰৰ কাৰাদণ্ড ভৰিব লাগিব ১ লাখ টকাৰ জৰিমনা ৷

আনহাতে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সদন কাইলৈ পুৱা ৯:৩০লৈ স্থগিত ঘোষণা কৰে ৷

Exit mobile version