Senior BJP MLA To Retire From Politics:ৰাজনীতিৰ পৰা সন্নাস ল’ব বিজেপিৰ জ্যেষ্ঠ বিধায়কে !

ৰঙালী বিহুৰ পূৰ্বে এৰিব ৰাজনীতি

hitendra

Senior BJP MLA To Retire From Politics:

অসমৰ ৰাজনীতিত ৰঙালী বিহুৰ পূৰ্বে অসমৰ এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিক তথা শাসকীয় দলৰ এজন জ্যেষ্ঠ বিধায়কে ৰাজনীতিৰ পৰা ল’ব সন্নাস

ৰঙালী বিহুৰ পূৰ্বে ৰাজনীতিৰ পৰা ল’ব বিদায় ৷ অসম বিধান সভাৰ চলিত বাজেট অধিবেশনৰ সময়তে যোৰহাট সমষ্টিৰ বিজেপিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৰাজনৈতিক ক্ষেত্ৰ খনৰ পৰা সন্নাস লোৱাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

মঙলবাৰে এই বৃহৎ সিদ্ধান্তৰ কথা সদৰি কৰি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ,প্ৰাক্তন মন্ত্ৰী হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয়,আগন্তুক লোকসভা সহ ২০২৬ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা নকৰে ৷নতুন প্ৰজন্মৰ ৰাজনীতিকক বাট এৰি দিয়াৰ বাবেই এই ৰাজনৈতিক সিদ্ধান্ত লয় জ্যেষ্ঠ বিজেপি বিধায়ক গৰাকীয়ে ৷

অসম বিধানসভাৰ পাঁচবাৰৰ বিধায়ক গৰাকীয়ে আনকি এই কথাও স্পষ্ট কৰে যে,ৰঙালী বিহুৰ পূৰ্বেই সন্নাস লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ৷

আনহাতে যোৰহাট সমষ্টিটোত হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত নিৰ্বাচনী যুঁজত বিগত বহু কেইটা নিৰ্বাচনত পৰাভূত হোৱা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীক হিতেন্দ্ৰ নাথ গোস্বামীয়ে জনাই শুভেচ্ছা ৷

উল্লেখ্য যে,অসম আন্দোলনৰ অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত অগপ চৰকাৰৰ মন্ত্ৰী হিচাপে নিজৰ ৰাজনীতিৰ কেৰিয়াৰ আৰম্ভ কৰি ১৯৯১, ১৯৯৬, ২০০১ ত যোৰহাটৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল ৷

অৱশ্যে পৰৱৰ্তী সময়ত অগপ ত্যাগ কৰি বিজেপিত যোগদান কৰি ২০১৬ আৰু ২০২১ চনত যোৰহাট সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় ৷ ২০১৬ ত তেওঁ আছিল অসম বিধান সভাৰ অধ্যক্ষ ৷

Exit mobile version