Thagi Das Passes Away:বিশিষ্ট শিক্ষাবিদ- সমাজকৰ্মী ঠগি দাসৰ পৰলোকপ্ৰাপ্তি,ধিঙত শোকৰ ছাঁ

thagi passes away

Thagi Das Passes Away:

নগাঁও জিলাৰ ধিঙৰ বিশিষ্ট শিক্ষাবিদ -সমাজকৰ্মী ঠগি দাসৰ যোৱা নিশা ৯.৪৫বজাত ধিং নগৰৰ ৰত্ননগৰৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪বছৰ। সুদীৰ্ঘ দিন তেওঁ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল |

১৯৩৯ ত ধিঙৰ দুই নম্বৰ লহকৰ গাঁৱত জন্ম গ্ৰহণ কৰা দাসে আঠগাঁও মজলীয়া স্কুলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা,ধিং কে বি হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা আৰু দৰং কলেজৰ পৰা সুখ্যাতিৰে বিজ্ঞানৰ স্নাতক ডিগ্ৰী, নগাঁও বি টি কলেজৰ পৰা বি টি ডিগ্ৰী লাভ কৰে। প্ৰচুৰ মেধা সম্পন্ন দাসে আৰ্থিক অনাটনৰ কাৰণে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰি ভূৰাগাঁও হৰিচৰণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।

সেই বিদ্যালয়ত সুদীৰ্ঘ বছৰ শিক্ষকতা কৰাৰ অন্তত ১৯৮৫চনত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহে।তাতো ১৪বছৰ কাল অতি দক্ষতাৰে শিক্ষকতা কৰি ১৯৯৮চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ অৱসৰ গ্ৰহণ কৰে। গণিত শাস্ত্ৰৰ শিক্ষক হিচাপে তেওঁ খুবেই প্ৰখ্যাত আছিল। মূহুৰ্ততে গণিতৰ অতি জটিল ফৰ্মোলা সমূহ মীমাংসা কৰিবলৈ সক্ষম হোৱা দাস ছাত্ৰ-ছাত্ৰী সকলৰ মাজতো অতি জনপ্ৰিয় আৰু শ্ৰদ্ধাশীল আছিল।

মৃদুভাষী, অত্যন্ত বিনয়ী দাসে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ধিং কে বি নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি বিদ্যালয় খনক বিশেষ গতি প্ৰদান কৰিছিল।লগতে অৱসৰৰ পাছত তেওঁ ধিঙৰ বিভিন্ন ধৰ্মীয় -সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ পৰে।

ধিঙৰ প্ৰায় সমূহ সামাজিক অনুষ্ঠানৰ সৈতে জড়িত দাসে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধিং আঞ্চলিক শাখাৰ সভাপতি হিচাপে দুটা কাৰ্যকাল, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জিলা সদস্য হিচাপে চাৰিটা বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। তাৰোপৰি তেওঁ ধিং ৰত্নভৱন বিহুতলীৰ সুদীৰ্ঘ বছৰৰ সভাপতি আছিল। তেওঁ ধিং শাখা সাহিত্য সভাৰ সৈতেও জড়িত আছিল।

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ঠগি দাসৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি পুৱাই তেখেতৰ বাসভৱনত অজস্ৰ গুণমুগ্ধই ভিৰ কৰেহি। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ,ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়,ধিং শাখা সাহিত্য সভা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ধিং আঞ্চলিক শাখা,গোপালদেৱ প্ৰাথমিক শাখা,ধিং জ্যেষ্ঠ নাগৰিক সন্থা,ৰত্নভৱন বিহুতলী সমিতি,ধিং শাখা সাহিত্য সভা আদিৰ প্ৰতিনিধি আহি তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

Exit mobile version