ASTC:ৰাজ্যত এএছটিচিৰ বাছৰ সংখ্যা ১,১২১খন, ১২৭খন বাছৰ মেৰামতি

সদনত পৰিবহন মন্ত্ৰীৰ তথ্য

parimal

ASTC:

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনৰ প্ৰশ্নোত্তৰ কালত এএছটিচি বাছ সন্দৰ্ভত কেতবোৰ লিখিত প্ৰশ্নোত্তৰত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তথ্য দাঙি উল্লেখ কৰে যে এএছটিচি মুঠ বাছৰ সংখ্যা ১,১২১ খন ৷ আনহাতে ইয়াৰে ১২৭খন বাছৰ মেৰামতি ইতিমধ্যে চলি আছে ৷

ইয়াৰ উপৰিও ১৩৮০ খন ব্যক্তিগত মালিকানাধীন বাছ নিগমৰ অধীনত ৰাজ্যত চলাচল কৰি আছে। অসম ৰাজ্যিক পৰিবহন নিগমৰ মুঠ বিষয়া কৰ্মচাৰীৰ সংখ্যা ২০০৩ জন। ইয়াৰে ৬১৫ গৰাকী নিয়মীয়া আৰু ১৩৮৮ জন ঠিকাভিত্তিক। ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহৰ হিচাপমতে দৰমহাৰ নামত মাহেকত ব্যয় হোৱা টকাৰ পৰিমাণ ৫,০৭,৭৭,৮৭১,৪০ টকা।

আনহাতে ,অসম ৰাজ্যিক জল পৰিবহণ বিভাগত মুঠ ১৪৩ খন জাহাজ বা ফেৰি আছে আৰু আৰু তাৰ ভিতৰত ৯৩ খন চলি আছে আৰু ৩৫ খন বার্ষিক মেৰামতিৰ বাবে অচল অৱস্থাত আছে। মুঠ ১৫ খন বিকল হৈ আছে।

জল পৰিবহণ বিভাগৰ মুঠ বিষয়া কৰ্মচাৰীৰ সংখ্যা হ’ল ৩১১০ জন আৰু বর্তমান এই বিভাগত কৰ্মচাৰীৰ দৰমাহৰ নামত প্রতিমাহে ১৩,১৩,২০,৯৮৩ টকা ব্যয় হয়।

জলপৰিবহণ বিভাগৰ বাণিজ্যিক সেৱাৰ অধীনত মালবাহী টাগ আৰু বাৰ্জৰ সময়ে সময়ে নিবিদা আহ্বানৰ জৰিয়তে বহিঃৰাজ্যত ২০০৫ চনৰ পৰা লীজত দি থকা হৈছে আৰু এই জাহাজ সমূহৰপৰা এতিয়ালৈ প্রায় ২২৫০.৮০ লাখ টকা ৰাজহ সংগ্ৰহ কৰা হৈছে বুলি সদনত উল্লেখ কৰে পৰিবহন মন্ত্ৰী গৰাকীয়ে ৷

২০২১-২২ বিত্তীয় বর্ষত ১,০২,২৬৭.০০ লাখ টকা ৰাজহ সংগ্রহ, ২০২২-২৩ বিত্তীয় বর্ষত ১,৩৬,১২৩ লাখ টকাৰ ৰাজহ সংগ্রহ আৰু ২০২৩-২৪ জানুৱাৰীলৈ সং ১,৩৭,৪৫৭ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰা বুলি সদৰি কৰে শুক্লবৈদ্যই ৷

Exit mobile version