Junmoni Rabha Case:জোনমণি ৰাভাৰ ৰহস্যআনক দুৰ্ঘটনাৰ অভিযোগনামা দাখিল

দাখিল কৰিলে তিনিওটা গোচৰৰ অভিযোগনামা, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ:চিবিআই

jonmoni rabha

Junmoni Rabha Case:

বহুচৰ্চিত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ চাৰ্জশ্বীট অৱশেষত চিবিআইৰ দাখিল কৰিলে । বুধবাৰে পুৱাভাগতে নগাঁৱত উপস্থিত হয় চি বি আইৰ এটা দল।
বিগত সাত মাহ দিন ধৰি অব্যাহত তদন্তৰ অন্তত আজি চিবি আইয়ে দাখিল কৰে জোনমণি ৰাভাৰ ঘটনাৰ অভিযোগনামা।

চিবিআইৰ চাৰ্জশ্বীট দূৰ্ঘটনাত মৃত্যু হৈছিল অসম আৰক্ষীৰ সাহসী এছআই জোনমণি ৰাভাৰ। হত্যা বা আত্মহত্যা নস্যাৎ কৰি চিবিআইৰ দলটোৱে নগাৱঁৰ সত্ৰ ন্যায়ধীশ আদালতত দাখিল কৰা চাৰ্জশ্বীটত দুৰ্ঘটনাতে মৃত্যু হৈছিল বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে,জোনমণিৰ মাতৃ নগাঁও আৰু জখলাবন্ধা থানাত দাখিল কৰা গোচৰ আৰু জখলাবন্ধা থানাই নিজাববীয়াকৈ ৰজু কৰা দুৰ্ঘটনা গোচৰ সহ মুঠ তিনিটা গোচৰৰ চাৰ্জশ্বীট আজি চিবিআইৰ দলটোৱে নগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতত দাখিল কৰে ৷ইয়াৰ পাছতে আদালতত আৰম্ভ হ’ব শুনানি ৷

Exit mobile version