AAP Announced The Names of Three Lok Sabha Candidates For Assam:অসমত বিৰোধী মিত্রতাত ফাট !

আপে নিজাকৈ ঘোষণা কৰিলে অসমৰ তিনি লোকসভা প্ৰাৰ্থীৰ নাম

arbindra

AAP Announced The Names of Three Lok Sabha Candidates For Assam:

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী মিত্ৰতাত ফাটআপে নিজাববীয়াকৈ ঘোষণা কৰিলে লোকসভাৰ প্ৰাৰ্থীৰ নাম ৷ আপৰ নতুন দিল্লীস্থ সদৰ কাৰ্যালয়ত আজি দলটোৱে আনুষ্ঠানিকভাৱে অসমৰ তিনি সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰে ৷

সেই অনুসৰি গুৱাহাটীত প্রার্থী হ’ব সভাপতি ড: ভবেন চৌধুৰী, তেজপুৰত প্ৰাৰ্থী হ’ব ঋষিৰাজ কৌণ্ডিণ্য, ডিব্ৰুগড় সমষ্টিত আপৰ প্ৰাৰ্থী হ’ব মনোজ ধানোৱাৰ ৷

উল্লেখ্য যে,আপে ইতিপূৰ্বে ইণ্ডিয়া জোঁটক একপ্ৰকাৰ নস্যাৎ কৰি পঞ্জাৱৰ আটাইকেইটা সংসদীয় সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থী দিব বুলি ঘোষণা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে ৷

Exit mobile version