Ganedhguri Murder Case Update:মহানগৰীৰ গণেশগুৰিত যুৱকক হত্যা

দুই ঘাতক বন্ধুক আটক দিছপুৰ আৰক্ষীৰ

arrested

Ganedhguri Murder Case Update:

মহানগৰীৰ গণেশগুৰিত এজন যুৱকক দলৱদ্ধভাৱে প্ৰহাৰ কৰি হত্যা কৰা ঘটনাৰ মূল অভিযুক্তসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষী ৷
ইক্ৰাম হুছেইন নামৰ যুৱকজনক হত্যা কৰা দুই অভিযুক্ত সঞ্জীৱ বৰ্মন আৰু জিতু বৈশ্যক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে,আটকাধীন দুই অভিযুক্ত ইক্ৰাম হুছেইনৰ বন্ধু আছিল ৷ ধৃত অভিযুক্তদ্বয়ক আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি যোৱা নিশা নলবাৰীৰ বেলশৰৰ পৰা আটক কৰিছে ৷

ইতিমধ্যে দলবদ্ধ আক্ৰমণৰ স’তে জড়িত আন এজন যুবক বিপুল দাসক আৰক্ষীয়ে আটক কৰিছিল ৷ আন কে’বাজনো যুৱক এতিয়াও পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

উল্লেখ্য যে,সোমবাৰে নিশা মহানগৰীৰ সদাব্যস্ত গণেশগুৰিত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো ৷ সামান্য কথাতে বন্ধুৰ মাজত সংঘটিত হয় হতাহতি ৷ পাছত ইক্ৰাম হুছেইন নামৰ যুৱকজনক লগৰে বন্ধৱে দলবদ্ধভাৱে প্ৰহাৰ কৰে ৷ মুৰত গুৰুত্বৰভাৱে আহত আক্ৰামক পৰিয়ালৰ লোকে নিশাই দিছপুৰ প’লিক্লিনিকত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে ৷

মহানগৰীৰ হেঙেৰাবাৰীৰ বাসিন্দা ইক্ৰাম হুছেইনৰ মৃত্যুৰ পিছতে পৰিয়ালে দিছপুৰ থানাত ৰজু কৰে গোচৰ ৷ ইয়াৰ পাছতে দিছপুৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ইতিমধ্যে আটক কৰিছে ইজনৰ পাছত সিজনকৈ দলবদ্ধ আক্ৰমণৰ স’তে জড়িত থকা অভিযুসকলক ৷ ইতিমধ্যে সোধপোছৰ বাবে আটক কৰিছে দুজন অ’ট চালককো ৷ আনহাতে আৰক্ষীৰ হাতত পৰিছে ইক্ৰামক আক্ৰমণ কৰাৰ সময়ৰ চিচিটিভি ফুটেজ

Exit mobile version