Ganeshguri Fire:মহানগৰীৰ গণেশগুৰিৰ ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভস্মীভূত ‘জুবিন গাৰ্গ ভোজনালয়’, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড

fire 1

Ganeshguri Fire:

মহানগৰীৰ সদাব্যস্ত গণেশগুৰিত বিধ্বংসী অগ্নিকাণ্ড ৷ কৰ ভৱনৰ সমীপৰ বাছ আস্থান আৰু হনুমান মন্দিৰৰ সমীপৰ সাতমহলীয়া চেঞ্চুৰী প্লাজাত বৃহস্পতিবাৰে আবেলি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ জুইৰ লেলিহান শিখাই পলকতে আগুৰি ধৰে অট্টালিকাটো ৷

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় জুবিন গাৰ্গ ভোজনালয় ৷ ভোজনালয়ৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত হয় অগ্নিকাণ্ড।

গ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত দিছপুৰ অগ্নিনিৰ্বাপক বাহিনীৰ কে’বাখনো গাড়ী উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে ,চেঞ্চুৰী প্লাজা নামৰ অট্টালিকাটোত আছে কেইবাটাও বিত্তীয়, ব্যৱসায়িক প্ৰতিষ্ঠান ৷ অগ্নিকাণ্ডৰ ফলত জুবিন গাৰ্গ ভোজনালয় জুইত জাহ যোৱাৰ বিপৰীতে বিল্ডিটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷

Exit mobile version