Matriculation Admit Card Irregularities in Nagaon:নগাঁৱত মেট্ৰিক পৰীক্ষাৰ এডমিট কার্ডত বিসংগতি

ৰোল নম্বৰ, নাম, পৰীক্ষা কেন্দ্ৰৰ নাম অস্পষ্ট, পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ

sema

Matriculation Admit Card Irregularities in Nagaon:

১৬ ফেব্রুৱাৰীৰ পবা অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্রৱেশ পত্র (এডমিট কার্ড) সমূহ ইতিমধ্যে বিতৰণ কৰা হৈছে, কিন্তু এই এডমিট কার্ডত কেতবোৰ বিসংগতি থকাৰ বাবে অহা ১৬ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা মেট্রিক পৰীক্ষাৰ একাংশ পৰীক্ষার্থীৰ মাজত হাহাকাৰ লাগিছে।

প্রাপ্ত তথ্য মতে, মেট্রিক পৰীক্ষাৰ এডমিট কার্ডত পৰীক্ষার্থীগৰাকীৰ নাম, ৰোল নম্বৰ, নিজৰ বিদ্যালয়ৰ নাম, পঞ্জীয়ন নম্বৰ, পৰীক্ষা কেন্দ্রব নাম, জন্মৰ তাৰিখৰ লগতে পিতৃ-মাতৃৰ নাম সন্নিবিষ্ট থাকে, কিন্তু নগাঁও জিলাৰ একাংশ শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীৰ এডমিট কার্ডত হয় ৰোল নম্বৰ নহয় নাম, ক’ৰবাত পৰীক্ষা কেন্দ্রৰ নাম, কৰবাত পিতৃ-মাতৃৰ নাম স্পষ্ট নহয়। পৰীক্ষার্থীসকলে নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ পৰা এডমিট কার্ড সংগ্রহ কৰি ঘৰলৈ নিয়াৰ পাছত এই দৃশ্য প্রত্যক্ষ কৰি হতভম্ব হৈ পৰে।

সমান্তৰালভাবে এই নির্দিষ্ট সংখ্যক পৰীক্ষার্থীৰ মাজত এই লৈ এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। পৰৱর্তী সময়ত এই এডমিট কার্ডসমূহ বিদ্যালয় কর্তৃপক্ষক ঘুৰাই দিয়ে আৰু এই এডমিট কার্ডসমূহ পুনৰ প্রিন্ট কৰাই অনাৰ আশ্বাস প্রদান কৰে।

উল্লেখ্য যে জিলাখনৰ জুৰীয়াৰ সমীপৰ তিনিচুকীয়া হাইস্কুলৰ মুঠ ১২৮ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ ভিতৰত প্রায় ১১০ গৰাকী পৰীক্ষার্থীৰ এডমিট কার্ডত উল্লেখ কৰা ধৰণৰ বিসংগতি ধৰা পৰিছে। বিদ্যালয়খনৰ প্রধান শিক্ষকজনে ইতিমধ্যে এই বিষয় সন্দর্ভত জিলা সংমণ্ডল বিদ্যালয় পৰিদর্শক কাৰ্যালয়ৰ লগত যোগাযোগ কৰিছে।

আজি প্রধান শিক্ষকজনে বিসংগতিপূর্ণ এডমিট কার্ডসমূহ লৈ গুৱাহাটীস্থ কার্যালয়ত যোগাযোগ কৰিবলৈ যাব বুলি সংবাদ মাধ্যম আৰু অভিভাৱকসকলক জানিবলৈ দিছে।

প্রতি বছৰে মেট্রিক পৰীক্ষাত কিবা নহয় কিবা আহুকাল হৈ থকা বিষয়টোৱে ছেবাৰ
অদক্ষতাকে প্রতীয়মান কৰিছে বুলি সচেতন মহলে মতপ্ৰকাশ কৰে ৷

Exit mobile version