Congress screening committee has held a detailed discussion on the candidate panel in Delhi:দিল্লীত প্রার্থী পেনেলক লৈ বিতং আলোচনা দলৰ স্ক্রীণিং কমিটীত

লুৰীণজ্যোতিৰেও আলোচনা কংগ্ৰেছ নেতৃত্বৰ, আপ উভতি নাহিলে ১২ টা সমষ্টিত কৰিব কংগ্ৰেছে

lurin

Congress screening committee has held a detailed discussion on the candidate panel in Delhi:

অসমৰ ১২ টা লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব কংগ্রেছে। কেৱল বৰপেটা আৰু ডিব্ৰুগড় সমষ্টি দুটা মিত্ৰদলক এৰি দিয়া হ’ব। এই ১২ টা সমষ্টিত দলৰ কেন্দ্রীয় নির্বাচন সমিতিৰ তত্ত্বাৱধানত জৰীপ চলাই জয়ৰ সর্বাধিক সম্ভাৱনা থকা প্রার্থীজনৰ নাম চূড়ান্ত কৰাৰ সিদ্ধান্তৰে শুক্ৰবাৰে দিল্লীত সামৰণি পৰে কংগ্ৰেছৰ অসমৰ স্ক্রীণিং কমিটীৰ বৈঠক।

দলৰ জ্যেষ্ঠ নেতা ৰাণা কে পি সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক দুটা পর্যায়ত অনুষ্ঠিত হয়। প্রথম পর্যায়ত সভাপতি ভূপেন বৰা সহ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্রতিনিধি হিচাপে উপস্থিত থকা প্ৰতিজন নেতাৰ পৰা প্রার্থিত্ব আৰু নির্বাচনী পৰিৱেশক লৈ সিং আৰু দলৰ অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক জিতেন্দ্র সিঙে পৃথকে পৃথকে মতামত গ্রহণ কৰে।

তাৰ পাছত সকলোকে লৈ এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত সিদ্ধান্ত লোৱা হয় যে মতামতবোৰ সন্নিবিষ্ট কৰি প্ৰাৰ্থীৰ তালিকা কেন্দ্রীয় নির্বাচন সমিতিলৈ প্রেৰণ কৰা হ’ব।

দ্বিতীয়খন বৈঠকত মিত্রজোঁটৰ অংশীদাৰ আম আদমী পার্টিয়ে কালি নিজাকৈ তিনিটা সমষ্টিৰ প্রার্থী ঘোষণা কৰা বিষয়টো অতি গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। দলটোৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হয় যে আপৰ নেতৃত্বব লগত কংগ্ৰেছৰ ৰাষ্ট্রীয় নেতৃত্বই কথা পাতিব।

যদি আপে তেওঁলোকৰ সিদ্ধান্ত প্রত্যাহাৰ কৰে তেন্তে দলটোক এটা সমষ্টি আলোচনাৰ ভিত্তিত এৰি দিয়া হ’ব। তেতিয়া কংগ্রেছে ১১ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছৰ এই দুটা পৰ্যায়ৰ আলোচনাৰ মাজতে বিৰোধী মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, কে পি সিং, জিতেন্দ্র সিং আৰু ভূপেন বৰাৰ এখন বৈঠকো অনুষ্ঠিত হয়। এই বৈঠকত মিত্রজোঁটৰ দলবোৰৰ সামগ্রিক স্থিতিৰ বিষয়ত আলোচনা কৰা হয়।

Exit mobile version