State cabinet is Likely to take a Decision on the UCC Today:আজি সন্ধিয়া ৰাজ্য চৰকাৰৰ কেবিনেটত ইউচিচি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা !

cabinet

State cabinet is Likely to take a Decision on the UCC Today:

শুক্ৰবাৰে সন্ধিয়া ছয় বজাত অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনতৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা ৰাজ্য কেবিনেট বৈঠকতে বহুচৰ্চিত ‘ইউচিচি'(সম নাগৰিক সংহিতা) সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, ৰাজ্যিক কেবিনেটত অনুমোদনৰ পিছতে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনতে উদ্থাপন হ’ব বহুচৰ্চিত সম নাগৰিক সংহিতা (ইউচিচি) বিধেয়ক ৷ একেদৰে উদ্থাপন হ’ব বহু বিবাহ প্ৰতিৰোধী আইন ৷

মনকৰিবলগীয়া যে, অসম বিধানসভাত ইউচিচি বিধেয়ক উদ্থাপন হোৱাৰ লগে লগে উত্তৰাখণ্ডৰ পিছত ইউচিচি বলৱৎ হোৱা দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ’ব অসম ৷

অসমত ইউচিচি আইন বলবৎ হোৱাৰ লগে লগে ধৰ্মৰ ভিত্তিত নাথাকিব কোনো আইন ৷ তাৰ পৰিৱৰ্তে সকলো নাগৰিকৰ বাবে থাকিব একেখন আইন ৷ একেদৰে ‘সম নাগৰিক সংহিতা’বলবৎ হোৱাৰ পিছত নাথাকিব হিন্দু ল’ আৰু মুছলিম পাৰ্চনেল ল’ ব্যৱস্থা ৷

Exit mobile version