HSSLC Final Examinations Started in the State Today:ৰাজ্যত আজিৰ পৰা আাৰম্ভ হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

অনলাইনৰ জড়িয়তে পৰীক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ, পৰীক্ষা কেন্দ্ৰৰ আশে -পাশে ১৪৪ ধাৰা বলবৎ

ahsec 1

HSSLC Final Examinations Started in the State Today:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৷ উল্লেখ্য যে, মুঠ ৮৭৭ কেন্দ্ৰত অনুষ্ঠিত হোৱা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ২,৮০,২১৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা ১,৪২,৭৩২ গৰাকী ৷

সোমবাৰৰ (১২ ফেব্ৰুৱাৰীৰ) পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷

স্মতৰ্ৱ্য যে,এইবাৰ কলা শাখাত ২,৬,৪৬৭ গৰাকী, বিজ্ঞান শাখাত ৫৫,২৮৭ গৰাকী আৰু বাণিজ্য শাখাত ১৭,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

মনকৰিবলগীয়া যে, প্ৰথমবাৰৰ পৰীক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ কৰা হৈছে অনলাইন ব্যৱস্থাৰ জড়িয়তে ৷ ভুৱা পৰীক্ষাৰ্থীৰ সমস্যা নোহোৱা কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷

আনহাতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে ৰাজ্যৰ সকলো পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে ১৪৪ ধাৰা জাৰি কৰা হৈছে।

Exit mobile version