Assam Civilian Award 2023:উপ-ৰাষ্ট্ৰপতিৰ উপস্থিতিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘অসম বৈভৱ’ বঁটা

দৌৰবিদ হিমা দাস সহ চাৰি গৰাকীলৈ 'অসম সৌৰভ', বিশিষ্ট উদ্যোগী অনুপম ডেকা সহ ১৭ গৰাকীক 'অসম গৌৰৱ' বঁটা

surav award

Assam Civilian Award 2023:

ৰাজ্য চৰকাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আজি আবেলি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম অসামৰিক বঁটা-২০২৩ গৰাকী বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৃতিত্বৰে উজ্জ্বলি উঠা ২২ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় ৷

দেশৰ উপ- ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল গুলাব চন্দ কাটাৰিয়াই বঁটা সমূহ প্ৰদান কৰে ৷

প্ৰথমে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ প্ৰদান কৰা হয় দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । একেদৰে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰা হয় ক্ৰমে সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, দৌৰবিদ ধিং এক্সপ্ৰেছ হিমা দাস , নাদিৰাম দেউৰী আৰু গাজিয়াবাদৰ ড: কিষণ চান্দ নৌৰিয়ালৈ ৷

আনহাতে ৰাজ্যৰ ১৭ গৰাকী ব্যক্তি ক্ৰমে বিহুৱা ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, শব্দযন্ত্ৰী দেৱজিৎ চাংমাই, বিশিষ্ট কৃষক নীলম দত্ত,বিশিষ্ট উদ্যোগী অনুপম ডেকা, প্ৰকৃতিপ্ৰেমী সৌম্যদীপ দত্ত, কাঠফুলাৰ খেতিয়ক বসন্ত চিৰিং ফুকন, বৰপেটাৰ মনেন্দ্ৰ ডেকা, শিৱসাগৰৰ আশাকৰ্মী মীনাক্ষী চেতিয়া, কাৰ্বি আংলঙৰ পখিলা লেকথেপি, দ্ৰোণ ভূঞা, ওদালগুৰিৰ টেনজিং বদোচা, নিৰ্মল দে’, জেচিন কুম্বাং পাৱ, মেৰী হাছাঁ, উপেন্দ্ৰ ৰাভা আৰু অসমীয়া উদ্যোগী ৰাহুল গুপ্তাক ‘অসম গৌৰৱ বঁটা’ৰে সন্মানিত কৰা হয়।

উল্লেখ্য যে,অনুষ্ঠানটোৰ আঁত ধৰে অসম চৰকাৰৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে ৷ অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ,অসম চৰকাৰৰ মন্ত্ৰী,বিধায়ক,সাংসদ আৰু শীৰ্ষ আমোালা আৰু আৰক্ষীৰ উৰ্ধতম বিষয়া সকল উপস্থিত থাকে ৷

মনকৰিবলগীয়া যে,‘অসম বৈভৱ বঁটা’ৰে সন্মানিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৫লাখ টকা,‘অসম সৌৰভ বঁটা’ লাভ কৰা ব্যক্তি সকললৈ ৪লাখ টকা আৰু
‘অসম গৌৰৱ বঁটা’ প্ৰাপ্তসকলক ৩ লাখ টকাকৈ ধন প্ৰদান কৰা হয় ৷ বঁটা প্ৰাপক সকলে আজীৱন লাভ কৰিব কেতবোৰ সুবিধা ৷ সেই সমূহ হ’ল ৰাজ্যৰ মেডিকেল কলেজত বিনামূলীয়া চিকিৎসা সেৱা লাভৰ লগতে আৱৰ্ত ভৱনত বিনামূলীয়াকৈ থাকিব পাৰিব ।

ইয়াৰোপৰি জটিল ৰোগত আক্ৰান্ত হ’লে চৰকাৰে বঁটা প্ৰাপক সকলক সহায় আগবঢ়াব ২ লাখ টকাকৈ ৷ একেদৰে বঁটা প্ৰাপকসকলক অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত বিনামূলীয়াকৈ ভ্ৰমণৰো সুবিধা লাভ কৰিব ৷ অৱশ্যে এই সুবিধা লাভৰ পূৰ্বে ২৪ ঘণ্টাৰ আগতেই চৰকাৰক অৱগত কৰিব লাগিব ৷

Exit mobile version