Fake Gold Seized In Lakhimpur:লখিমপুৰত আৰক্ষীৰ অভিযানত জব্দ তিনিখন নকল নাও

দুই সৰবৰাহকাৰী সহ জব্দ আঠখন নকল সোণৰ বিস্কুট

fake gold 1

Fake Gold Seized In Lakhimpur:

নকল সোণৰ কৰিডৰত পৰিণত হৈছে লখিমপুৰ ৷ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত নকল সোণৰ বহু ঘাটি লখিমপুৰৰ নাওবৈছা আৰু লালুক কেতবোৰ অঞ্চলত অভিযান চলাই উচ্ছেদ কৰা হৈছিল ৷ কিন্ত ইতিমধ্যে দক্ষ এছ পি গৰাকীয়ে লখিমপুৰ এৰাৰ পাছত নকল সোণৰ সৰবৰাহকাৰী চক্ৰটো পুনৰ মুৰ দাঙি উঠিছে ৷

লখিমপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৩ খন নকল সোণৰ নাও, ৮খন নকল সোণৰ বিস্কুট সহ সৰাবৰাহত ব্যৱহ্ত ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আটক কৰে দুই দুৰ্ধৰ্ষ সৰবৰাহকাৰী শ্বফিকুল ইছলাম আৰু বাবুল হুছেইনক ৷

জব্দকৃত নকল সোণৰ প্ৰতিখন বিস্কুটৰ ওজন প্ৰায় ২-৩ কিলোগ্ৰাম হোৱাৰ বিপৰীতে সোণৰ নাওকেইখনৰ ওজন প্ৰায় ৮ কিলোগ্ৰাম ৷

ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে পেডলাৰ দুটাক ৷

Exit mobile version