Fack Gold Seized In Guwahati:
গুৱাহাটী মহানগৰীত শেহতীয়াকৈ নকল সোণৰ অন্যতম ঘাটি ৰূপে গঢ়ি তুলিছে লখিমপুৰৰ কুখ্যাত নকল সোণৰ সৰবৰাহকাৰী চক্ৰই ৷
ADVERTISEMENT
ইতিমধ্যে এই চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ স্থিতি লৈ থকাৰ মাজত আৰক্ষীয়ে কটাহবাৰীত অৰ্তকিতে চলোৱা অভিযানত বুজন পৰিমাণ নকল সোণৰ সামগ্ৰী ,নকল নোট সহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে জব্দ কৰা সামগ্ৰী সমূহ হ’ল ৪খন নকল সোণৰ নাওঁ, ২টা সোণৰ মূৰ্তি আকু পাঁচশটকীয়া জাল নোট ৷ ধৃত সৰবৰাহকাৰী দুটা হ’ল চাহাবুদ্দিন আৰু ছফিকুল ইছলাম ৷
ইতিমধ্যে মহানগৰ আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷