Kagzi Lemon State Fruit of Assam: কাজি নেমুক ৰাজ্যিক ফল ৰূপে স্বীকৃতি

সদনত ঘোষণা কৃষিমন্ত্ৰী অতুল বৰাৰ, অসমত উৎপাদিত ৭০ হাজাৰ কাজি নেমু ২০২৩ পৰা বিদেশলৈ পঠিওৱা হৈছে

assm lemon 1

Kagzi Lemon State Fruit of Assam:

অসমৰ ৰাইজৰ বাবে চিৰ পৰিচিত কাজি নেমুৱে আজি জাতীয় ফলৰূপে স্বীকৃতি লাভ কৰে ৷ আজি অসম বিধানসভাৰ মজিয়াত কৃষি মন্ত্ৰী অতুল বৰাই এই ঘোষণা কৰে ৷
মন্ত্ৰী গৰাকীয়ে সদনত উল্লেখ কৰে যে,সদ্য অনুষ্ঠিত ৰাজ্যিক কেবিনেটে কাজি নেমুক জাতীয় ফলৰূপে স্বীকৃতি প্ৰদানত অনুমোদন জনায় ৷

উল্লেখ্য যে, কাজি নেমুৱে ২০১৯ বৰ্ষৰ ৫ জানুৱাৰীত জি আই টেগ লাভ কৰিছিল। কাজি খেতিৰ স’তে জড়িত হৈ আছে ৰাজ্যৰ প্ৰায় ২৭ লাখ কৃষক ৷ এবছৰত প্ৰায় ১.৫৮ মেট্ৰিকটন কাজি উৎপাদন কৰা হয়। আনহাতে ১৫.৯০ হেক্টৰ ভূমিত কাজি নেমু খেতি কৰা হয় ৰাজ্যত ৷

মনকৰিবলগীয়া যে,অসমত উৎপাদিত প্ৰায় ৭০ লাখ কাজি নেমু ইতিপূৰ্বে ২০২৩ বৰ্ষৰ মাজভাগৰ পৰা আবু ধাবি, ইংলেণ্ড সহ মধ্য প্ৰাচ্যৰ দেশলৈ কেতবোৰ দেশলৈ
পঠিওৱা হৈছে ৷

কাজি নেমুৱে ৰাজ্যিক ফলৰূপে স্বীকৃতি পোৱাৰ পিছত ৰাজ্যৰ সৰ্বত্ৰে আনন্দৰ জোৱাৰ উঠিছে ৷ বিশেষকৈ এই খেতিৰ স’তে জড়িত কৃষক সকলে আনন্দ প্ৰকাশ কৰিছে ৷ এতিয়াৰ পৰা তেওঁলোকে প্ৰৱল উৎসাহেৰে কাজি খেতি উৎপাদনত মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে ৷

Exit mobile version