Ali Aye Ligang Festival In Assam:
ফাগুনৰ পহিলাটো বুধবাৰে প্ৰতিবৰ্ষতে পালন কৰি আহিছে অসমৰ মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিত উৎসৱ আলি আঃয়ে লৃগাং।
ADVERTISEMENT
উল্লেখ্য যে,এই দিনটোৰ পৰাই মিছিং জনগোষ্ঠীৰ লোকসকলে পথাৰত শষ্য সিচাঁ পৰ্বৰ শুভাৰম্ভনী কৰে। আলি মানে হ’ল শষ্যৰ বীজ, আয়ে মানে হ’ল ফল বা গুটি আৰু লিগাং মানে হ’ল সিঁচা।
মহানগৰীৰ ভিন্নস্থানৰ লগতে পাশ্বৱৰ্তী যোৰাবাট সহ বোকাখাত,জোনাই,গোগামুখ সহ ৰাজ্যৰ সৰ্বত্ৰে আজি মিছিং জনগোষ্ঠীৰ লোক সকলে পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰিছে আলি আয়ে লৃগাং।
পুৰাং আপিন, শুকান গাহৰি মাংস, মাছ আৰু পৰম্পৰাগত পানীয় পৰঃ আপংৰে আপ্যায়ন কৰে উপস্থিত ৰাইজক। আনহাতে,মিচিং ডেকা- গাভৰুৱে ঐনিঃতম নৃত্যৰে মুখৰিত কৰি তোলে উদযাপনস্থলী ৷






























