Deeplal Has Cut more Than One Lakh Bodies On The Post-Mortem Table For 37 Years:কাটি গৈছে ইটোৰ পাছত সিটোকৈ মৃতদেহ

প'ষ্টমর্টেম টেবুলত ৩৭ বছৰে লক্ষাধিক মৃতদেহ কাটিও ভাগৰা নাই দ্বীপলালে

bp hospital

Deeplal Has Cut more Than One Lakh Bodies On The Post-Mortem Table For 37 Years:

চুটি চাপৰ, ক্ষীণ সকলো সময়তে চকুৱে-মুখে উদ্বিগ্নতাৰ ছাপ স্পষ্ট হৈ থকা লোকজনৰ নাম দ্বীপলাল বাছফৰ। মৃতদেহৰ লগতেই যাৰ সম্পর্ক। সুদীর্ঘ ৩৭ টা বছবে তেওঁ হাতত ছার্জিকেল ব্লেড তুলি লৈ ইটোৰ পাছত সিটো মৃতদেহ কটা- ফলা কৰিছে। এই পর্যন্ত তেওঁ প্রায় ৭৮ হেজাৰটা মৃতদেহ পৰীক্ষাৰ কক্ষৰ মৰণোত্তৰ টেবুলত তুলি লৈ ছার্জিকেল ব্লেডেৰে কটা-ফলা কৰিছে।

কিন্তু ক্লান্ত হোৱা নাই। সাধাৰণ যেন লগা অথচ অসাধাৰণ কাম কৰি থকা এই দ্বীপলাল বাছফৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প’ষ্টমর্টেম কক্ষত নিয়োজিত চুইপাৰ। এজন চিকিৎসালয়ৰ মর্গ আৰু প’ষ্টমর্টেম কক্ষৰ মৃতদেহৰ লগত যাৰ এৰাব নোৱাৰা সম্পর্ক।

তেওঁ সুদীর্ঘ ৩৭ বছৰে চিকিৎসালয়খনৰ প’ষ্টমর্টেম কক্ষত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কটা-ফলা কামত নিয়োজিত হৈ আছে। সুদীর্ঘ ৩৭ টা বছৰে বিভিন্ন বয়সৰ ব্যক্তিৰ মৃতদেহ পষ্টমর্টেম টেবুলত তুলি লৈ ছার্জিকেল ব্লেডেবে কটা-ফলাই যাৰ প্রধান কাম।

এই দ্বীপলাল নহ’লে চিকিৎসালয়খনত মৰণোত্তৰ পৰীক্ষা মুঠেই সম্ভৱ নহয়। কিয়নো মৃতদেহটো তেওঁ কটা-ফলাৰ পাছত তাক প্রত্যক্ষ কবি চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন লিখে। নিতৌ মৃতদেহৰ লগতে ব্যস্ত থাকিলেও দ্বীপলালৰো আছে এখন সুকুমল হৃদয়।

প’ষ্টমর্টেম টেবুলত কেতিয়াবা মৃতদেহ তুলি লৈ আবেগিক হৈ পৰে তেওঁ। বিশেষকৈ সেই মৃতদেহটো যদি কোনো শিশু, কিশোৰ-কিশোৰী অথবা যুৱক -যুৱতীৰ হয়।

উল্লেখ্য যে দ্বীপলাল বাছফৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এজন চাফাই কর্মী (চুইপাৰ) ৰূপে চাকৰিত যোগদান কৰিছিল ১৯৮৬ ত। প্রথম তিনিটা মাহ চিকিৎসালয়খনৰ অধীক্ষকৰ কার্যালয়ত চাফাই কর্মচাৰীৰূপে নিয়োজিত হোৱাৰ পাছত তেওঁক নিয়োগ কৰা হয় চিকিৎসালয়খনৰ মৰণোত্তৰ পৰীক্ষা কক্ষত।

তেতিয়াৰ পৰা আজি পর্যন্ত সুদীর্ঘ ৩৭ বছৰৰো অধিক কাল তেওঁ প’ষ্টমর্টেম কক্ষত মৃতদেহ কটা- ফলা কৰা কামত নিয়োজিত হৈ আছে। দ্বীপলালে সদৰী কৰা অনুসবি, প্রথম যি দিনা তেওঁ পষ্টমর্টেম ৱার্ডত টেবুলত মৃতদেহ এটা তুলি হাতত ছার্জিকেল ব্লেড লৈ মৃতদেহটো কাটিছিল তেতিয়া যথেষ্ট ভয় খাইছিল। তেওঁব মনটো মুঠেই ভাল লগা নাছিল। এই কামত জড়িত হোৱাৰ পাছত প্রথম তিনিমাহ মান নিশা ভালকৈ শুৱই পৰা নাছিল।

সপোনত প’ষ্টমর্টেম টেবুলত কটা মৃতদেহ বোৰেই দেখা পাইছিল। প্রথমে তেওঁব হাত কপিছিল। কিন্তু এতিয়া আৰু নকঁপে। তেওঁ কয়, ‘এই কামেই যিহেতু মোৰ কৰ্ম, মোৰ কর্তব্য আৰু উপায় নাই। মই মোৰ কৰ্তব্য কৰি গৈছো, অতি নিষ্ঠা সহকাৰে। তেওঁ আৰু কয়, তিনি বছৰ মানৰ আগৰ কথা।

সেই দিনা প’ষ্টমর্টেম টেবুলত এজনী কণমানি ছোৱালীৰ মৃতদেহ তুলি লৈ যেতিয়া প’ষ্টমর্টেম কৰিবলৈ হাতত ছার্জিকেল ব্লেড তুলি লৈছিলো, সেই দিনা বুকুখন বেদনাত বিষাইছিল। মোৰ হাত দুখন থৰ থৰকৈ কপিছিল। দুচকু সেমেকি উঠিছিল। সেই দিনা মই মনৰ দুখত ভাত খাব পৰা নাছিলো।

‘প’ষ্টমর্টেম কৰিবলৈ হত্যা, আত্মহত্যা কৰা, দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱা, আন অস্বাভাৱিক মৃত্যু হোৱা লোকৰ মৃতদেহবোৰ প’ষ্টমর্টেম টেবুলত তুলি লৈ ছার্জিকেল ব্লেডেৰে বুকুৰ পৰা তল পেটলৈ ফালিব লাগে দ্বীপলালে। তেওঁ এই কামটোকে সুদীর্ঘ ৩৭ বছৰে কবি আহিলেও আজিও যিকোনো শিশুৰ মৃতদেহ প’ষ্টমর্টেম টেবুলত দেখিলেই তেওঁক দুখে হেঁচা মাৰি ধৰে বুলি অকপটে প্রকাশ কৰি আৰু কয়, ৩৭ বছৰে মই এক লাখবো অধিক বিভিন্ন মৃতদেহ প’ষ্টমর্টেম কৰিবলৈ কাটিছো।

কিন্তু যেতিয়াই কোনো শিশুৰ মৃতদেহ প’ষ্টমর্টেম কৰিবলৈ প’ষ্টমর্টেম টেবুলত থৈ হাতত ছার্জিকেল ব্রেডখন তুলি লও তেতিয়াই মোৰ হাত কপি উঠে। দুচকু সেমেকি উঠে। বৰ দুখ লাগে। সেই কাম বৰ কষ্টকৰ। দুৰ্ঘটনাত মৃত্যু হোৱা কোনো শিশুৰ মৃতদেহ যেতিয়া প’ষ্টমর্টেম কৰিবলৈ আনে তেতিয়া অভিভাৱকসকলে প’ষ্টমর্টেমৰ বাবে কাটিব নিদিয়ে।

কান্দোনত গগন ফালে তেওঁলোকে। মোৰো বৰ দুখ লাগে। ডেকা-গাভৰুৰ মৃতদেহো প’ষ্টমর্টেমৰ কাৰণে কাটিবলৈ বেয়া লাগে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প’ষ্টমর্টেম কৰিবলৈ দৈনিক কমেও পাঁচটাকৈ মৃতদেহ অনা হয় বুলি প্রকাশ কৰি দ্বীপলালে কয়, ‘দৈনিক চাৰি-পাঁচটাকৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হয়।

কেতিয়াবা ১৫টা পর্যন্ত হয়গৈ। ১৯৯২ ত সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত নিহত অবিভক্ত নগাঁও জিলাৰ ৫৬টা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মই নিজ হাতেৰেই ফালিব লগীয়া হৈছিল। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৩৭ টা বছৰে এক লাখৰো অধিক মৃতদেহ ছার্জিকেল ব্লেডেৰে কাটিও ক্লান্ত নোহোৱা দ্বীপলালে নিজকে উপেক্ষিত-বঞ্চিত বুলি অনুভৱ কবে।

তেওঁ অতি আক্ষেপেৰে কয়, ‘প’ষ্টমর্টেম কৰিবলৈ একোটা মৃতদেহ প’ষ্টমর্টেম টেবুলত তুলি লৈ কটা-ছিঙা কৰাটো ইমান সহজ কাম নহয়। ইমান নিষ্ঠাৰে এই কাম কৰি গৈছো তথাপি আমাক চৰকাৰে একো বিশেষ সুবিধা দিয়া নাই।’ আনহাতে, দ্বীপলালক থাকিবলৈ যিটো আবাসগৃহ দিয়া হৈছে সিও জৰাজীৰ্ণ আৰু জুপুৰি সদৃশ।

জীৱনত কেতিয়াও এটুপিও মদ মুখত দিয়া নাই দ্বীপলালে। যি কাম কৰিছে অতি সততাৰে, নিজৰ দায়িত্ব বুজি কৰি গৈছে। তেওঁ কয়, ‘মৃতদেহ হ’লেও মানুহৰ মৃতদেহ কটা-চিঙা কৰাটো ইমান সহজ কাম নহয়।’

Exit mobile version