Robbers Took Away the Gold Chain:নাৰেংগীৰ বীৰকুছীত চাঞ্চল্যকৰ ঘটনা

মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন, ঘৰৰ চোতালৰ পৰা স্কুটীত অহা দুৰ্বৃত্তই কাঢ়ি নিয়ে চেইন

gold chain

Robbers Took Away the Gold Chain:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে নানান অপৰাধমূলক কাৰ্যকলাপ ।

দিনদুপৰতে চিলনী চোৰে কাঢ়ি নিলে সোণৰ চেইন । নাৰেংগীৰ বীৰকুছীত বুধবাৰে দুপৰীয়া এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন
স্কুটীত অহা দুই দুৰ্বৃত্তই ঘৰৰ লোহাৰ গেইট খুলি চৌহদত প্ৰৱেশ কৰি কাঢ়ি নিয়ে সোণৰ চেইনডাল ।

উল্লেখ্য যে, সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভিৰ কেমেৰাত । দিন দুপৰতে সংঘটিত এই ঘটনাক সৃষ্টি হৈছে চাঞ্চল্য ।

Exit mobile version