Two Students Escaped From Their Homes In Guwahati:স্বৰস্বতী পূজাৰ দিনাই মহানগৰীত অঘটন ! দীঘলী পুখুৰীলৈ বুলি ওলায় অহা দুই যাত্ৰী নিখোজ

পাঁচবছৰৰ পিছত সফল হৈ ঘূৰি আহিব বুলি ভাতৃলৈ মেছেজ, নুনমাটি আৰক্ষীক চেলেন্স দুই ছাত্ৰীৰ, শুংসূত্ৰ উলিওৱাত ব্যৰ্থ নুনমাটি আৰক্ষী, পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল নুনমাটি থানাত

grafics

Two Students Escaped From Their Homes In Guwahati:

বুধবাৰে সৰস্বতী পূজাৰ আনন্দ উছাহৰ মাজতে সন্ধিয়াৰ পৰা নিখোজ মহানগৰীৰ দুই ছাত্ৰী ৷ বন্দিতা ভৌমিক আৰু মধুস্মিতা বৈশ্য নামৰ দুই অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ সন্ধানহীনৰ চাঞ্চল্যৰ মাজতে আহিছে দুই ছাত্ৰীৰ বিস্ফোৰক ম’বাইল মেছেজ

বুধবাৰে নিশা কোনো নম্বৰৰ পৰা ছাত্ৰীৰ মেছেজ’ চিন্তা কৰিব লগা একো নাই, আমি ভালে ভালে আছে, আমি নিজ ইচ্ছামতে ঘৰৰ পৰা ওলাই আহিছো, ঘৰত বহুত অশান্তি পাইছো, ৫ বছৰ সকলোৱে অপেক্ষা কৰক, কিয়নো আমি এতিয়াই ঘৰত ঘুৰি যোৱা কথা ভবা নাই”। এনেদৰেই পৰিয়ালৰ লোকলৈ মেছেজ কৰে ছাত্রী দুগৰাকীয়ে ৷

একেদৰে দুই ছাত্ৰীয়ে আৰক্ষীকো একপ্ৰকাৰ চেলেন্স দি মেছেজত উল্লেখ কৰে যে,তেওঁলোকৰ শুংসূত্ৰ আৰক্ষীয়ে উলিয়াব নোৱাৰে কিয়নো ম’বাইল আৰু চ’ছিয়েল মেডিয়াৰ পৰা আঁতৰি আছে । একেদৰে সংবাদ মাধ্যমকো নিখোজ সম্বন্ধীয় বাতৰিৰ পৰা আঁতৰি থাকি আন বাতৰিত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই দুই ছাত্ৰীয়ে ৷

আনহাতে দুই ছাত্ৰীৰ নিখোজ সন্দৰ্ভত তেওঁলোকৰ পৰিয়ালে নিশাই নুনুমাটি থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত শুংসূত্ৰ উলিওৱাত ব্যৰ্থ নুনমাটি আৰক্ষী

উল্লেখযোগ্য , মহানগৰীৰ নুনমাটি পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অষ্টমমানৰ ছাত্ৰী আছিল দুয়ো গৰাকী । বুধবাৰে বিদ্যালয়ত অনুষ্ঠিত সৰস্বতী পূজালৈ বুলি গৈ পুনৰ ঘৰলৈ ঘূৰি আহে যদিও আকৌ নেপালীচকৰ পৰা দীঘলীপুখুৰীলৈ বুলি ওলাই যায় ৷

সন্ধিয়া পৰ্যন্ত ঘৰলৈ দুই ছাত্ৰী উভতি নহাত অভিভাৱকৰ মাজত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয় ৷ বহু বিচাৰখোচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি দুৰ্ভগীয়া পৰিয়ালদুটিয়ে নিশাৰ নুনমাটি থানাত এজাহাৰ দাখিল কৰে ৷

আনহাতে দুই ছাত্ৰীয়ে ভাতৃলৈ ম’বাইল মেছেজ দি নিজৰ স্থিতি সদৰি কৰাত এইটো কথা স্পষ্ট হৈ পৰে যে,আচলতে দুই ছাত্ৰীৰ অপহৰণ হোৱা নাই বৰং স্বইচ্ছাৰে পলায়নহে কৰিছে ৷ ইতিমধ্যে সমস্ত ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত

Exit mobile version