Maldives’ Anti-India Moves Continue:মালদ্বীপৰ ভাৰত বিৰোধী পদক্ষেপ অব্যাহত

৪৩ ভাৰতীয়সহ ১৮৬ বিদেশীক বহিষ্কাৰ কৰিলে দ্বীপৰাষ্ট্ৰ খনে

maldep

Maldives’ Anti-India Moves Continue:

চীনৰ চত্ৰছায়াত মালদ্বীপে শেহতীয়াকৈ পুনৰ ভাৰত বিৰোধী স্থিতি অব্যাহত ৰাখিছে ৷এনে প্ৰেক্ষাপটত ৪৩ জন ভাৰতীয়সহ ১৮৬ জন বিদেশীক ভিছা উলংঘন আৰু মাদকদ্রব্য বিষয়ক অপৰাধত জড়িত থকাৰ অভিযোগত দেশখনৰ পৰা বহিষ্কাৰ কৰিলে দ্বীপৰাষ্ট্ৰ খনে ।

মালদ্বীপৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি, মালদ্বীপে নির্বাসিত কৰা লোকসকলৰ মাজত সর্বাধিক সংখ্যক বাংলাদেশৰ নাগৰিক আছে। কমেও ৮৩ জন বাংলাদেশীক মালদ্বীপ চৰকাৰে বহিষ্কাৰ কৰিলে।

ইয়াৰ পাছতে ভাৰতৰ ৪৩ জন, শ্ৰীলংকাৰ ২৫ জন আৰু নেপালৰ আঠজন নাগৰিকক মালদ্বীপ চৰকাৰে দেশখনৰ পৰা ভিছা উলংঘন আৰু মাদকদ্রব্যৰ গোচৰত বহিষ্কাৰ কৰিলে।

Exit mobile version